অসম

assam

ETV Bharat / bharat

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জোঁৰ সমদল - জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰে সন্ধিয়া 9.30 বজাত এক জোঁৰ সমদল উলিয়ায় ৷ হোষ্টেলৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
JNU ৰ ছাত্ৰ-ছাত্ৰীৰ জোঁৰ সমদল

By

Published : Dec 4, 2019, 10:46 AM IST

নেশ্যনেল ডেস্ক,4 ডিচেম্বৰ: মঙলবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে এক জোঁৰ সমদল উলিয়ায় ৷ সমদলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰী-ছাত্ৰীসকলে হোষ্টেলৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

সন্ধিয়া 9.30 বজাত উলিওৱা এই সমদল গংগা ধাবাৰ পৰা আৰম্ভ কৰি চন্দ্ৰভাগা হোষ্টেল হৈ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ব্লকলৈকে যায় ৷ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ম'ৰেল পুলিছিং আৰু সেৱা শুল্কৰ বিৰুদ্ধে শ্ল'গান দিয়ে ৷

JNU ৰ ছাত্ৰ-ছাত্ৰীৰ জোঁৰ সমদল

ছাত্ৰ-ছাত্ৰীসকলে কয় যে,তেওঁলোকে বহুদিনৰ পৰাই এই সমস্যাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সাব্যস্ত কৰি আহিছে যদিও প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই ৷ আনহাতে, মঙলবাৰে দিনৰ ভাগত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এখন ছাৰ্কুলাৰ প্ৰকাশ কৰি কোৱা হৈছিল যে,অহা ছেমিষ্টাৰত নামভৰ্তিৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সম্বন্ধীয় আৱশ্যকতাসমূহ পূৰণ কৰিব লাগিব ৷

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ পূৰ্বে 17, 28 আৰু 29 নৱেম্বৰত ছাৰ্কুলাৰ প্ৰকাশ কৰিছিল ৷ উল্লেখ্য যে, 12 ডিচেম্বৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছেমিষ্টাৰ পৰীক্ষা আৰম্ভ হ'ব ৷ উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় চাৰি সপ্তাহ ধৰি হোষ্টেলৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু মাছুল হ্ৰাস নকৰালৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ABOUT THE AUTHOR

...view details