নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: বৃহস্পতিবাৰে সন্ধিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই অনুষ্ঠানৰ পূৰ্বেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই এখন মুকলি পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে, য'ত অভিযোগ উত্থাপন কৰা হৈছে যে বিশ্ববিদ্যালয়খনৰ উপাধ্যক্ষ এম জগদীশ কুমাৰে শিক্ষাৰ্থীৰ হিতৰ বাবে কাম নকৰে ।
ইয়াৰ উপৰিও পত্ৰখনত গুজৰাটৰ ঘটনাৰ বিষয়েও উল্লেখ কৰা হৈছে । বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচনৰ সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ একতা সভাই । লগতে উপাধ্যক্ষ এম জগদীশ কুমাৰক তেওঁৰ বিফলতা আৰু অদূৰদৰ্শিতাৰ বাবে জগৰীয়া কৰে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বহু নীতিৰ বিৰোধিতা কৰি পোষ্টাৰ জাৰি কৰিছে ছাত্ৰসকলে । আবেলি উত্তৰ প্ৰৱেশ দ্বাৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰো পৰিকল্পনা কৰিছে ।