নিউজ ডেস্ক, 21 জানুৱাৰীঃ নৈশ ভোজনৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবে পুনৰ উত্তপ্ত হৈ পৰিল জে এন ইউ ৷ ঘটনা সন্দৰ্ভত তথ্য অনুসৰি, জৱাহৰলাল নেহৰু বিশ্ববিদ্যলয়ৰ নৰ্মদা ছাত্ৰাবাসৰ ৰাগিব ইক্ৰামনামৰ ছাত্ৰজনক অন্য ছাত্ৰাবাসৰ তিনি ছাত্ৰই নৈশ ভোজনৰ প্ৰস্তাৱ দিয়ে ৷ কিন্তু অন্য ছাত্ৰাবাসত ভোজন গ্ৰহণৰ বাবে অস্বীকাৰ কৰে ইক্ৰামে , ফলত উল্লেখিত তিনি ছাত্ৰই উপৰ্যুপৰি প্ৰহাৰ কৰে ইক্ৰামক ৷
নৈশ ভোজনৰ প্ৰস্তাৱ অমান্তি কৰা বাবে পুনৰ উত্তপ্ত JNU... - They'll make him disappear like Najib
জৱাহৰলাল নেহৰু বিশ্ববিদ্যলয়ৰ নৰ্মদা ছাত্ৰাবাসৰ ৰাগিব ইক্ৰাম নামৰ ছাত্ৰজনক অন্য ছাত্ৰাবাসৰ তিনি ছাত্ৰই নৈশ ভোজনৰ প্ৰস্তাৱ দিয়ে ৷ কিন্তু অন্য ছাত্ৰাবাসত ভোজন গ্ৰহণৰ বাবে অমান্তি কৰে ইক্ৰামে,ফলত উল্লেখিত তিনি ছাত্ৰই উপৰ্যুপৰি প্ৰহাৰ কৰে ইক্ৰামক ৷
ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইক্ৰামক ছফৰদাজ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷ আনহাতে "একমাত্ৰ মুছলমান ধৰ্মৰ হোৱাৰ বাবেই উক্ত তিনি ছাত্ৰই ইক্ৰামক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে নাজিবৰ দৰেই নিখোজ কৰি দিব " বুলিও মন্তব্য কৰা বুলি জানিবলৈ দিয়ে ইক্ৰামৰ জেষ্ঠ ভাতৃয়ে ৷ ইয়াৰোপৰি আঘাতপ্ৰাপ্ত ইক্ৰামৰ জেষ্ঠ ভাতৃৰ ভাষ্য অনুসৰি ইক্ৰামক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ লৈ অহাৰ সময়ত উক্ত তিনি যুৱকৰ কোঠাৰ বাহিৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পোষ্টাৰদেখিবলৈ পাইছিল ইক্ৰামৰ ভাতৃয়ে ৷
লগতে পঢ়কঃ শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে