নিউজ ডেস্ক, 18 নৱেম্বৰ: দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত অব্যাহত আছে মাচুল বৃদ্ধিৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীৰ আন্দোলন ৷ সোমবাৰে বিয়লি মাচুল বৃদ্ধি উঠাই লোৱাৰ প্ৰতিবাদত জে এন ইউৰ ছাত্ৰসকলে সংসদ ভৱনলৈ মাৰ্চ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে যাৰ ফলত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ওপৰত জপিয়াই পৰিল চৰকাৰী আৰক্ষী বাহিনী ৷ ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত লাঠি চালনা কৰিলে দিল্লী আৰক্ষীয়ে যাৰ ফলত গুৰুতৰ ভাৱে আহত হল বিশ্ববিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ ৷ ইফালে ছাত্ৰসকলৰ প্ৰতিবাদৰ ফলত ৰাজধানীৰ গ্ৰীণ পাৰ্কৰ পৰা আৰম্ভ কৰি লোধী ৰোডলৈকে বৃহৎ ট্ৰেফিক জামৰ সৃষ্টি হয় ৷ জে এন ইউৰ ছাত্ৰসকলৰ এই প্ৰতিবাদৰ ফলত দিল্লীৰ কেইবাটাও মেট্ৰ ষ্টেচন অস্থায়ী ৰূপে বন্ধ কৰি দিয়া হৈছে ৷ প্ৰতিবাদকাৰী সকলৰ হুংকাৰ কোনো কাৰণতেই মানি লোৱা নহব দেশৰ বৃহৎ সংখ্যক দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰি থকা বিশ্ববিদ্যালয়খনত মাচুল বৃদ্ধিৰ দৰে সিদ্ধান্ত ৷ সোমবাৰৰ এই প্ৰতিবাদত জে এন ইউৰ ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্নৌ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও সহযোগ কৰে ৷ বৰ্তমান প্ৰশাসনে প্ৰতিবাদকাৰী ছাত্ৰসকলক ছফদৰজংত আবদ্ধ কৰি ৰাখিছে বুলি খবৰ পোৱা গৈছে ৷
ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ লাঠিচালনা - ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত জপিয়াই পৰিল আৰক্ষী
জেন এন ইউৰ মাচুল বৃদ্ধি বিৰোধী আন্দোলনে ল'লে হিংসাত্মক ৰূপ ৷ নিৰস্ত্ৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা ৷ প্ৰতিবাদৰ ফলত ৰাজধানীৰ গ্ৰীণ পাৰ্কৰ পৰা আৰম্ভ কৰি লোধী ৰোডলৈকে বৃহৎ ট্ৰেফিক জাম ৷
![ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ লাঠিচালনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5104493-thumbnail-3x2-h.jpg)
মাচুল বৃদ্ধিৰ প্ৰতিবাদ : ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত জপিয়াই পৰিল আৰক্ষী
ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত জপিয়াই পৰিল আৰক্ষী
প্ৰতিবাদৰ ফলত ৰাজধানীৰ গ্ৰীণ পাৰ্কৰ পৰা আৰম্ভ কৰি লোধী ৰোডলৈকে বৃহৎ ট্ৰেফিক জাম