নিউজ ডেস্ক, ৯ জুনঃ দিল্লীস্থিত জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহত থকা স্বাস্থ্যকেন্দ্ৰৰ এজন ফাৰ্মাছিষ্টৰ দেহত সোমবাৰে ধৰা পৰে মহামাৰী COVID-19ৰ উপস্থিতি । তাৰ পাচতে বিশ্ববিদ্যালয়ৰ চৌহদত থকা শিক্ষাৰ্থীসকলক নিজ-নিজ বাসগৃহলৈ যাবলৈ পৰামৰ্শ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
শিক্ষাৰ্থীক নিজ বাসগৃহলৈ যাবলৈ পৰামৰ্শ জে এন ইউ কৰ্তৃপক্ষৰ - COVID-19
জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদত এজন ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰাৰ পাচতে বিশ্ববিদ্যালয়ৰ চৌহদত থকা শিক্ষাৰ্থীসকলক নিজ নিজ বাসগৃহলৈ যাবলৈ পৰামৰ্শ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
জেএনইউ চৌহদত কৰ'ণা আক্ৰান্ত, শিক্ষাৰ্থীক নিজ বাসগৃহলৈ যাবলৈ পৰামৰ্শ কৰ্তৃপক্ষৰ
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সময়ে-সময়ে গৃহ মন্ত্ৰণালয় আৰু দিল্লী চৰকাৰৰ দ্বাৰা জাৰি কৰা নীতি-নিয়ম অনুসৰি সকলো সজাগতা অবলম্বন কৰি আহিছে যদিও নিজৰ বাসগৃহতকৈ শিক্ষাৰ্থীসকলৰ বাবে কোনো স্থান সুৰক্ষিত নহয় বুলিও উল্লেখ কৰে ।
আনহাতে, যিসকল শিক্ষাৰ্থী ইতিমধ্যে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা বাহিৰ হৈছে অৰ্থাৎ নিজ-নিজ ঘৰলৈ গৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয় পাঠদান পুনৰ আৰম্ভ নহোৱা পৰ্যন্ত বিশ্ববিদ্যালয়লৈ ঘূৰি অহাত বাধা আৰোপ কৰিছে কৰ্তৃপক্ষই ।