ঝাড়খণ্ড,7 ডিচেম্বৰঃ আজি ঝাড়খণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হয় ৷ মুঠ 20টা আসনৰ বাবে অনুষ্ঠিত হয় এই নিৰ্বাচন ৷ তথ্য অনুসৰি জামছেদপুৰ পূৱ আৰু জামছেদপুৰ পশ্চিমত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আব্যাহত থাকিব নিৰ্বাচন প্ৰক্ৰিয়া ৷ এই দুই সমষ্টিৰ বাহিৰে বাকী 18টা সমষ্টিৰ লোকে দুপৰীয়া 3বজালৈহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৷
এই নিৰ্বাচনত 20টা সমষ্টিৰ ভিতৰত 16 খন আসন অনুসূচিত জনজাতিৰ আৰু এখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৷ এই নিৰ্বাচনত মুঠ 48,25,038 গৰাকী লোক ভোটদানৰ বাবে উপযুক্ত বুলি জানিব পৰা গৈছে ৷ ঝাড়খণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ বৃহস্পতিবাৰে সন্ধিয়া সম্পন্ন হয় ৷
আৰক্ষী প্ৰশাসনৰ তথ্য অনুসৰি ৰাজ্যখনৰ 7 টা জিলাত বিভক্ত 20টা সমষ্টিতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ লগতে আন্যান্য সুৰক্ষা বাহিনীৰ 42,000ৰো আধিক জোৱান মোতায়েন কৰা হৈছে ৷ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণ,নিৰপেক্ষভাৱে চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি এক সংবাদমেল যোগে প্ৰকাশ কৰে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া বিনয় কুমাৰ চৌবেয়ে ৷