নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী: গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে অহা ২৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত কৰিব ভাৰ্চুৱেল ভাৰত পৰ্ব-২০২১ । কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰ্চুৱেল ভাৰত পৰ্বৰ জৰিয়তে জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে থলুৱা কলা-কৃষ্টি প্ৰদৰ্শন কৰিব । ভাৰ্চুৱেল অনুষ্ঠানটিত ভাৰতৰ আটকধুনীয়া পৰ্যটন ক্ষেত্ৰ, খাদ্য সম্ভাৰ, হস্তশিল্প, সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত কৰা হ'ব ।
সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও বৰ্তমান কৰ'ণা মহামাৰীৰে যুঁজ দি আছে । সেয়ে ভাৰত পৰ্ব অনুষ্ঠানটি ভাৰ্চুৱেল মাধ্যমৰ দ্বাৰা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে । অনুষ্ঠানটিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ একো একোখন বিপণীও সামৰি ল'ব, য'ত পৰ্যটনৰে জড়িত সামগ্ৰী উপলব্ধ হ'ব । লগতে পৰ্যটন ক্ষেত্ৰলৈ যোৱাৰ ভিডিঅ', ৰাজ্যসমূহৰ বিশেষ আকৰ্ষণ, সাফলতাৰ কাহিনীও দেশবাসীয়ে উপভোগ কৰিব পাৰিব । খাদ্য সম্ভাৰ উপলব্ধ হোৱা বিপণী, হস্তনিৰ্মিত সামগ্ৰীৰ বিপণীও দেখুওৱা হ'ব ।