নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: মংগলবাৰে পুৱা ৯ বজাৰ পৰা জন্মু-কাশ্মীৰৰ ভোটগণনা আৰম্ভ হৈছে । জন্মু-কাশ্মীৰৰ জিলা বিকাশ পৰিষদৰ আঠটা পৰ্যায়ত হোৱা ২৮০ খন জিলাৰ ২,২০০ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য পৰীক্ষা নিৰ্ণয় হ'ব । ৰাজ্য নিৰ্বাচন আয়ুক্ত কে কে শৰ্মাই জনোৱামতে বৰ্তমানলৈ ভোটগণনাৰ সকলো কাম শান্তিপূৰ্ণভাৱে সুচাৰূৰুপে চলি আছে লগতে কভিড প্ৰটকলৰ নিয়ম মানি চলি ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । আয়োগৰ ৱেবচাইটযোগে ভোটগণনাৰ ফলাল লাভ কৰিব ।
যোৱা ২৮ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল । ১৯ ডিচেম্বৰত অন্তিম তথা শেষৰটো পৰ্যায়ৰ ভোটদানৰ সামৰণি পৰিছিল । মুঠ ৫৭ লাখ ভোটাৰ ৰাইজৰ ৫১ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে । কেন্দ্ৰ শাসিত প্ৰদেশত মুঠ আঠটা পৰ্যায়ত হোৱা নিৰ্বাচনত ৪৫০ তকৈো অধিক মহিলা প্ৰাৰ্থীৰ সৈতে প্ৰায় ২১৭৮ প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণত নামিছে ।