অসম

assam

ETV Bharat / bharat

কথুৱাত কম্পিউটাৰ পৰীক্ষাগাৰ প্ৰদান জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীৰ

কথুৱাৰ চাক ধাৰাব চৰকাৰী মধ্য বিদ্যালয়ত এটি কম্পিউটাৰ পৰীক্ষাগাৰ সংস্থাপন কৰে জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীয়ে ৷ অসামৰিক কাৰ্যসূচীৰ অধীনত এইদৰে বিদ্যালয়খনত আন্তঃগাঁথনিত সহায় আগবঢ়ায় আৰক্ষীয়ে ৷

কথুৱাত কম্পিউটাৰ পৰীক্ষাগাৰ প্ৰদান জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীৰ
কথুৱাত কম্পিউটাৰ পৰীক্ষাগাৰ প্ৰদান জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীৰ

By

Published : Nov 2, 2020, 7:07 AM IST

নিউজ ডেস্ক, 2 অক্টোবৰ : অনগ্ৰসৰ শিক্ষাৰ্থীক অত্যাধুনিক সেৱাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে বিশেষ পদক্ষেপ ল'লে জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীয়ে ৷ কথুৱা জিলাৰ চাক ধাৰাব চৰকাৰী মধ্য বিদ্যালয়ত এটি কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপন কৰে আৰক্ষীয়ে ৷ শিক্ষাৰ্থীসকলে বৰ্তমানৰ এই ডিজিটেল যুগত নিজকে আগবঢ়াই নিয়াৰ বাবে যাতে সফল হয় তাৰ বাবে বিদ্যালয়খনক এই সুবিধা প্ৰদান কৰে জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীয়ে ৷ বিদ্যালয়খনত এটা প্ৰজেক্টৰ আৰু দুটাকৈ কম্পিউটাৰযুক্ত এই পৰীক্ষাগাৰটো অসামৰিক কাৰ্যসূচীৰ অধীনত সংস্থাপন কৰা হয় ৷

জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীৰ মহা-পৰিদৰ্শক ডানিছ ৰানাই এই সন্দৰ্ভত সংবাদ মাধ্যমক জনায় ৷ আৰক্ষীয়ে বিদ্যালয়খনক নিৰ্বাচন কৰি লৈ শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ সৈতে চিনাকী কৰাই দিয়াৰ বাবেই পৰীক্ষাগাৰটো সংস্থাপন কৰে ৷ পূৰ্বেই বিদ্যালয়খনত কোনো কম্পিউটাৰ নাছিল যদিও আৰক্ষীৰ সহযোগত এইটো পৰীক্ষাগাৰে শিক্ষাৰ্থীসকলক এতিয়া কম্পিউটাৰৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে ব্যৱহাৰিক জ্ঞান অৰ্জনটো সহায় কৰিব বুলি কয় শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত অন্যান্য বিদ্যালয়কো এই কাৰ্যসূচীৰ অধীনত অনা হ'ব বুলি কয় মহা-পৰিদৰ্শক ডানিছ ৰানাই ৷ কোভিড-19 মহামাৰীৰ সময়ত কম্পিউটাৰে শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সহায়কাৰী হিচাপে পৰিগণিত হৈছে ৷ জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যসূচীৰ শলাগ লয় বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয়ই ৷

লগতে পঢ়ক :কোনে কৈছে যে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি : চিদাম্বৰম

ABOUT THE AUTHOR

...view details