নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মুম্বাইৰ ৰাজ্যিক জেজে হাস্পতালৰ এগৰাকী ৰোগী কোভিড-১৯ আক্ৰান্ত হোৱাৰ পিচতে চিকিৎসালয়খনে বন্ধ কৰি দিয়ে ইয়াৰ ডায়েলাইছিচ কক্ষ । চিকিৎসালয়খনৰ ডায়েলাইছিচ কক্ষত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে সোমবাৰে । ইয়াৰ পিচতেই চিকিৎসালয়খনৰ সকলো কাম সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।
চিকিৎসালয়খনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি,ইতিমধ্যে চিকিৎসালয়খনত কৰ্মৰত ২৫গৰাকী কৰ্মচাৰীক সাৱধানতামূলকভাৱে আছুতীয়াকৈ ৰখা হৈছে ।