অসম

assam

By

Published : Dec 3, 2020, 11:09 PM IST

Updated : Dec 4, 2020, 11:03 AM IST

ETV Bharat / bharat

পাঁচদিনীয়া ভ্ৰমণসূচীৰে 5 ডিচেম্বৰত অসমলৈ জীতেন্দ্ৰ সিং

5 ডিচেম্বৰৰ পৰা 9 ডিচেম্বৰলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে পাঁচ ডিচেম্বৰত অসমলৈ যাব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জীতেন্দ্ৰ সিং ৷

jitendra singh will visit assam for 5 days
jitendra singh will visit assam for 5 days

নিউজ ডেস্ক, 3 ডিচেম্বৰ : পাঁচদিনীয়া ভ্ৰমণসূচীৰে পাঁচ ডিচেম্বৰত অসমলৈ যাব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জীতেন্দ্ৰ সিং ৷ পাঁচ ডিচেম্বৰত দিল্লীৰ পৰা গৈ শিলচৰত উপস্থিত হ’ব সম্পাদক গৰাকী ৷ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে মিলিত হোৱাৰ পাচত 6 ডিচেম্বৰত উধাৰবন্ধত চাহ শ্ৰমিকৰ প্ৰতিনিধিৰ সৈতে মিলিত হ’ব নেতা গৰাকী ৷ 7 ডিচেম্বৰত জীতেন্দ্ৰ সিং যাব হাফলঙলৈ ৷ হাফলঙত কংগ্ৰেছ নেতৃত্বৰ সৈতে মিলিত হৈ 8 ডিচেম্বৰত ডিফুলৈ যাব নেতাগৰাকী ৷ ডিফুৰ পৰা সেই দিনাই যোৰহাটলৈ যাব জীতেন্দ্ৰ সিং ৷ 9 ডিচেম্বৰত তৰুণ গগৈৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ নিশা জীতেন্দ্ৰ সিং ৰাওনা হ’ব দিল্লী অভিমুখে ৷

Last Updated : Dec 4, 2020, 11:03 AM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details