অসম

assam

ETV Bharat / bharat

ঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ - ণপীচ ইণ্ডিয়া

ঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে প্ৰদূষিত চহৰ হিচাপে পৰিগণিত ৷ আনহাতে মিজোৰামৰ লুংগলেই চহৰ দেশৰ ভিতৰতে কম প্ৰদূষিত চহৰৰূপে পৰিগণিত ৷

Jharkhand's Jharia most polluted city in India: Report
ঝাৰখণ্ডৰ ঝাৰিয়া দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

By

Published : Jan 21, 2020, 10:56 PM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃগ্ৰীণপীচ ইণ্ডিয়াই মঙলবাৰে সদৰী কৰা ৰিপ’ৰ্ট অনুসৰি ঝাৰখণ্ডৰ কয়লাঞ্চল ঝাৰিয়া দেশৰ ভিতৰতে প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে ৷ ইফালে প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত নতুন দিল্লী সামান্য উন্নত হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পায় ৷ উল্লেখ্য যে নতুন দিল্লী দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত 10 নম্বৰ স্থানত আছে ৷

দেশৰ 287 খন চহৰৰ প্ৰথম 10 খনৰ ভিতৰত ঝাৰখণ্ডৰ ধানবাদক কয়লা ভাণ্ডাৰ আৰু উদ্যোগিক ক্ষেত্ৰৰ বাবে জনাজাত ৷ ধানবাদ চহৰখন দেশৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ ৰূপে পৰিগণিত হৈছে ৷ আনহাতে এই ৰিপ’ৰ্ট অনুসৰি মিজোৰামৰ লুংগলেই চহৰ দেশৰ ভিতৰতে কম প্ৰদূষিত চহৰৰূপে পৰিগণিত হৈছে ৷ মেঘালয়ৰ ডাউকি চহৰ দ্বিতীয় কম প্ৰদূষিত চহৰৰূপে পৰিগণিত হৈছে ৷

উল্লেখ্য যে দেশৰ শীৰ্ষ 10 খন প্ৰদূষিত চহৰৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশৰে ছয়খন চহৰ অন্তৰ্ভুক্ত হৈছে ৷ ইয়াৰ ভিতৰত ন’য়ডা, গাজিয়াবাদ, বৰেলী, এলাহবাদ, মুৰাদাবাদ আৰু ফিৰোজাবাদ ৷

আৰু পঢ়কঃ1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

ABOUT THE AUTHOR

...view details