ঝাৰখণ্ড, 4 মেঃ ঝাৰখণ্ডৰ মূল চহৰৰ পৰা 30 কিলোমিটাৰ নিলগত আছে দুধমাটিয়া হাবি ৷ এই হাবিখনৰে ওচৰে পাজৰে বাস কৰি আহিছে বহুতো জনগোষ্ঠীয় লোকে ৷ আৰ্থিক দিশতেই হওক নতুবা শিক্ষাৰ দিশতেই হওক পিছপৰা এই লোকসকল আধুনিক সমাজৰ পৰা এক দূৰত্ব বজাই ৰাখে ৷ পিছে, হাজাৰিবাঘ নামেৰেও পৰিচিত এই অঞ্চলটোত কেইগৰাকীমান সচেতন ব্যক্তিৰ তৎপৰতাত চলোৱা হৈছে এক ব্যতিক্ৰমী নিৰ্বাচনী সজাগতা অভিযান ৷ হাজাৰিবাঘৰ দুধমাটিয়া হাবিৰ প্ৰতিজোপা ওখ ওখ গছত নিৰ্বাচনৰ প্ৰতি সজাগতা বৃদ্ধিৰ হেতু আঁৰি দিয়া হৈছে কিছুমান ফলক ৷ যাতে হাবিখনৰ ওচৰে পাজৰে অৱস্থান কৰা জনগোষ্ঠীয় তথা আদিবাসী লোকসকলে নিৰ্বাচনৰ গুৰুত্ব বুজি নিৰ্বাচনত অংশ ল’বলৈ ওলাই আহে ৷
সজাগতা অভিযানত অংশ লোৱা লোকসকল কোনো দল-সংগঠন বা সংস্থাৰ লগত জড়িত নহয় ৷ একাংশ উমৈহতীয়া চিন্তাৰ লোক লগ হৈ গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ তেওঁলোকৰ মতে, হাবিখনৰ কাষতে অথবা নাতি দূৰৈত বাস কৰা জনগোষ্ঠীয় লোকসকলে কেৱল হাবিখনৰ ভিতৰতে সোমাই থাকে ৷ তেওঁলোকৰ দৈনন্দিন জীৱন-যাপনৰ উৎসও এই হাবিখনেই ৷ নিৰ্বাচনৰ বিষয়ে এই লোকসকলে একোৱেই বুজি নাপায় ৷ সেয়ে, তেওঁলোকক সজাগ কৰা উদ্দেশ্যে ইয়াতকৈ অন্য বিকল্প নাই ৷