অসম

assam

ETV Bharat / bharat

ঝাৰখণ্ডত কৰ’ণা ভাইৰাছত আক্ৰান্ত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু

দেওবাৰে ঝাৰখণ্ডত কৰ’ণা ভাইৰাছত আক্ৰান্ত দ্বিতীয়গৰাকী ব্যক্তিৰ মৃত্যু ঘটে ৷ এপ্ৰিলৰ 9 তাৰিখে ৰাজ্যখনত প্ৰথমগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছিল ৷

ঝাৰখণ্ডত কৰ’ণা ভাইৰাছত আক্ৰান্ত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু
ঝাৰখণ্ডত কৰ’ণা ভাইৰাছত আক্ৰান্ত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু

By

Published : Apr 12, 2020, 3:42 PM IST

নিউজ ডেস্ক, 12 এপ্ৰিলঃঝাৰখণ্ডত দেওবাৰে কৰ’ণা ভাইৰাছত আক্ৰান্ত দ্বিতীয়গৰাকী ব্যক্তি মৃত্যুমুখত পৰে ৷ ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যুমুখত পৰে ব্যক্তিগৰাকী ৷ ৰাজ্যখনত বৰ্তমানলৈ 17 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি, নিহত ব্যক্তিগৰাকীৰ পত্নী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷ ব্যক্তিগৰাকীয়ে সংস্পৰ্শৰ দ্বাৰা এই ভাইৰাছত আক্ৰান্ত হৈছিল ৷ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ 9 এপ্ৰিলত ৰাজ্যখনত প্ৰথমগৰাকী ব্যক্তি মৃত্যুমুখত পৰিছিল ৷

ৰাজ্যখনৰ 17 গৰাকী ব্যক্তিৰ ভিতৰত 8গৰাকী ৰাঁচীৰ, 7গৰাকী বোকাৰো আৰু 2গৰাকী হাজাৰীবাগ অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷

ৰাজ্যখনত জিলা পৰ্যায়ত 1449 নন আইচিইউ আৰু 209খন আইচিইউ বিচনাৰ লগতে ৰাজ্যিক পৰ্যায়ত সংহতভাৱে 155 নন আইচিইউ আৰু ভেন্টিলেটৰসহ 30 আইচিইউ বিচনা সাজু কৰি ৰাখিছে স্বাস্থ্য় বিভাগে ৷ ৰাজ্যখনত কুৰান্টাইন চেন্টাৰত সৰ্বমুঠ 41,630খন বিচনা সাজু কৰি ৰাখিছে স্বাস্থ্য বিভাগে ৷

ABOUT THE AUTHOR

...view details