অসম

assam

ETV Bharat / bharat

COVID-19: ঝাৰখণ্ড চৰকাৰে ৩১ জুলাইলৈকে পুনৰ বৃদ্ধি কৰিলে লক ডাউন - লড ডাউন

সমগ্ৰ দেশতে বৰ্ধিত হাৰত মহামাৰী কৰ'ণাই আক্ৰমণ চলোৱাৰ সময়তে শুকুৰবাৰে ঝাৰখণ্ড চৰকাৰে ৩১ জুলাইলৈকে পুনৰ লড ডাউন জাৰি কৰিব বুলি সদৰি কৰে। ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশত এই লক ডাউনৰ সময়ছোৱাত সকলো বন্ধ থাকিব বুলি উল্লেখ কৰে । আনহাতে,ঝাৰখণ্ডত শুকুৰবাৰ পৰ্যন্ত মুঠ ২,২৬২ গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হয় বুলিও সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।

COVID-19
COVID-19: ঝাৰখণ্ড চৰকাৰে ৩১ জুলাইলৈকে পুনৰ বৃদ্ধি কৰিলে লক ডাউন

By

Published : Jun 27, 2020, 11:12 AM IST

নিউজ ডেস্ক, ২৭ জুনঃ ঝাৰখণ্ডত পুনৰ বৃদ্ধি কৰা হ'ল লক ডাউন । মহামাৰী COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা প্ৰতিৰোধৰ বাবেই ৩১ জুলাইলৈকে পুনৰ ঝাৰখণ্ডৰ ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনতে বৃদ্ধি কৰে লক ডাউন ।

শুকুৰবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন টুইটযোগে সদৰি কৰে যে,মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে আপোনালোকে আগবঢ়োৱা সহায়ৰ বাবেই আমি বৰ্তমান পৰ্যন্ত এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি সফল হৈছো । কিন্তু এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে বৰ্তমানেও যুঁজ চলি আছে । সেইহে আগন্তুক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুনৰ ৩১ জুলাইলৈকে লক ডাউন জাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।

ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি,ৰাজ্য চৰকাৰৰ দ্বাৰা বিশেষ ৰূপে অনুমতি প্ৰদান নকৰালৈকে সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব । সকলো সামাজিক, ৰাজনৈতিক,খেল,মনোৰঞ্জন,শৈক্ষিক,সাংস্কৃতিক,ধৰ্মীয় অনুষ্ঠান,বন্ধ থাকিব । লগতে বিদ্যালয়-মহাবিদ্যালয়,শৈক্ষিক প্ৰশিক্ষণ কেন্দ্ৰ,চিনেমা,জীম,ছুইমিং পুল মনোৰঞ্জন পাৰ্ক,ছবি গৃহ,বাৰ,ৰেষ্টুৰেণ্ট,শ্বপিং মল,হোটেল,লজ,বিউটি পাৰ্লাৰকে আদি কৰি সকলো বন্ধ থাকিব বুলি সদৰি কৰে । তাৰোপৰি পৰিবহন সেৱাও বন্ধ থাকিব বুলি উল্লেখ কৰে এই নিৰ্দেশত।

COVID-19: ঝাৰখণ্ড চৰকাৰে ৩১ জুলাইলৈকে পুনৰ বৃদ্ধি কৰিলে লক ডাউন

অত্যন্ত জৰুৰী কাম নহ'লে পুৱা ৫ বজাৰ পৰা ৰাতি ৯ বজাৰ পাচত ঘৰৰ বাহিৰ ওলোৱাৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে । তাৰোপৰি চৰকাৰী কাৰ্যালয় সমূহত সামাজিক দুৰত্ব বজাই ৰখা তথা মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ঝাৰখণ্ড চৰকাৰে । আনহাতে,কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় অনুসৰি,ঝাৰখণ্ডত শুকুৰবাৰ পৰ্যন্ত মুঠ ২,২৬২ গৰাকী ব্যক্তিৰ কৰ'ণাত আক্ৰান্ত হয় বুলি সদৰি কৰে ।

লগতে চাওকঃ ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ

ABOUT THE AUTHOR

...view details