ওদালগুৰি, 15 এপ্ৰিলঃযি সময়ত ৰাজ্যবাসী বিহুৰ আনন্দত মতলীয়া হৈ আছে, তেনে সময়তে নিজৰ কৰ্তব্য পালন কৰি দেশমাতৃৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিলে এগৰাকী অসমীয়া বীৰে ৷ সোমবাৰে ৰাতিপুৱাৰ ভাগত ঝাৰখণ্ডৰ গিৰিধত সংঘটিত এক সংঘৰ্ষত শ্বহীদ হয় অসম মাতৃৰ আন এগৰাকী বীৰ জোৱান ৷
বিহুৰ দিনাই দেশৰ হকে প্ৰাণ দিলে অসম মাতৃৰ সুযোগ্য সন্তানে - CRPF Jawan Killed
ঝাৰখণ্ডৰ গিৰিধত সোমবাৰে পুৱাৰ ভাগত সংঘটিত সংঘৰ্ষত দেশৰ হকে যুঁজি শ্বহীদ হয় বিশ্বজিৎ চৌহান ৷
সোমবাৰে নক্সাল অধ্যুষিত ঝাৰখণ্ডৰ গিৰিধত ৰাতিপুৱা 6 বাজি 15 মিনিটত নিয়মীয়া তালাচী অভিযানৰ সময়তে চি আৰ পি এফৰ সৈতে সংঘৰ্ষত লিপ্ত হয় মাওবাদীৰ এটি দল ৷ চি আৰ পি এফৰ সপ্তম বেটালিয়নৰ তহলদাৰী দলটোৰ সৈতে হোৱা সংঘৰ্ষত তিনিগৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে শ্বহীদ হয় অসম মাতৃৰ সুযোগ্য সন্তান বিশ্বজিৎ চৌহান ৷
ঘটনাস্থলীৰ পৰা এটা একে 47, তিনিটা মেগজিন, চাৰিটা পাইপ বোমাৰ লগতে বহুটো সন্দেহজনক নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে ৷ চি আৰ পি এফ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি শ্বহীদ বিশ্বজিতৰ ঘৰ অসমৰ ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পুথিমাৰী গাঁৱত বুলি জানিব পৰা গৈছে ৷