অসম

assam

ETV Bharat / bharat

ৰাঁচীত জগন্নাথ মন্দিৰ দৰ্শন কৰে ঝাৰখণ্ডৰ মুখ্য়মন্ত্ৰী হেমন্ত চোৰেণে

মঙলবাৰৰ পৰা ওড়িশাৰ পুৰীত আৰম্ভ হয় ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা ৷ ৯ দিনৰ বাবে চলিব জগন্নাথৰ এই ৰথ যাত্ৰা । ৰথ যাত্ৰাত ভগৱান জগন্নাথক দশাৱতাৰ ৰূপে পূজা কৰা হয় ।

By

Published : Jun 23, 2020, 7:39 PM IST

Jagannath Templejharkhand cm hemant soren
Jharkhand CM visits Jagannath Temple in Ranchi

নিউজ ডেস্ক, ২৩ জুনঃ ঝাৰখণ্ডৰ মুখ্য়মন্ত্ৰী হেমন্ত চোৰেণে মঙলবাৰে দৰ্শন কৰে ৰাঁচীস্থিত জগন্নাথ মন্দিৰ। জগন্নাথ ৰথ যাত্ৰা উপলক্ষে জগন্নাথ মন্দিৰলৈ গৈ ভগৱানৰ আশিস লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্দিৰ দৰ্শন কৰি মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে টুইটাৰযোগে ৰাজ্যবাসীৰ সুস্বাস্থ্যৰ কামনা কৰে।

উল্লেখ্য যে, মঙলবাৰৰ পৰা ওড়িশাৰ পুৰীত আৰম্ভ হয় ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা ৷ ৯ দিনৰ বাবে চলিব জগন্নাথৰ এই ৰথ যাত্ৰা । ভগৱান জগন্নাথ, বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ পূজা-অৰ্চনাৰে এই ৰথ যাত্ৰা আয়োজন কৰা হয় । উল্লেখ্য যে, ৰথ যাত্ৰাত ভগৱান জগন্নাথক দশাৱতাৰ ৰূপে পূজা কৰা হয় ।

উচ্চতম ন্যায়ালয়ে ৰথ যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছতে অধিক সষ্টম হৈ পৰে প্ৰশাসন ব্যৱস্থা ৷ ন্যায়ালয়ে কোভিড-১৯ৰ বাবে পালন কৰিবলগীয়া সকলো নিৰ্দেশাৱনী মালি চলিহে ৰথ যাত্ৰা উলিওৱাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

লগতে পঢ়ক :কৰ'ণা ভাইৰাছৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ মুকলি পতঞ্জলিৰ

ABOUT THE AUTHOR

...view details