অসম

assam

ETV Bharat / bharat

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ইমেইলৰ জড়িয়তে মৃত্যুৰ ভাবুকি - চি আই ডি

ঝাৰখণ্ডৰ মু্খ্যমন্ত্ৰী হেমন্ত সুৰেণলৈ এটা ডিস্পজেৱল ইমেইলৰ জড়িয়তে আহিছে মৃত্যুৰ ভাবুকি । ইতিমধ্যে ৰাজ্যখনৰ চাইবাৰ ক্ৰাইম বিভাগ আৰু চি আই ডিয়ে যৌথভাৱে ভাবুকি দিয়া এই অপৰাধী চক্ৰটোৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে ।

Jharkhand CM Soren receives death threat via disposable mail
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ইমেইলৰ জড়িয়তে মৃত্যুৰ ভাবুকি

By

Published : Jul 17, 2020, 2:00 PM IST

নিউজ ডেস্ক, ১৭জুলাই: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সুৰেণলৈ শুকুৰবাৰে আহিল এটা ভাবুকি মূলক ইমেইল । জাৰ্মান আৰু চুইজাৰলেণ্ডৰ কোনো চাৰ্ভাৰৰ জড়িয়তে মৃত্যুৰ ভাবুকি দি প্ৰেৰণ কৰিছে এই ইমেইলটো ।

চিআইডিৰ সূত্ৰৰ পৰা জানিব পৰা মতে, একধৰণৰ ডিস্পজেৱল ইমেইল কেৱল প্ৰেৰক আৰু প্ৰেৰণ কৰা ব্যক্তিজনেহে চাব(access) পাৰে য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকে এই ইমেইল প্ৰেৰণ কৰা হৈছে ।

'আপুনি যি কৰিছে সেয়া বহুত ভূল কৰিছে আৰু ইয়াৰ বাবে আপোনাক মৃত্যুদণ্ড দিয়া হ'ব ।' এইদৰে ইমেইলটোত উল্লেখ কৰা হৈছে। ইমেইলটোত কিছুমান ধৰ্মীয় শ্ল'গানো লিখা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰাৰ উদ্দেশ্যে চাইবাৰ ক্ৰাইম বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ নেতৃত্বত ইতিমধ্যে এটা অনুসন্ধানকাৰীৰ দল গঠন কৰি দিয়া হৈছে । মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি দি প্ৰেৰণ কৰা অপৰাধীৰ সন্ধান চলোৱা এই দলটোত চাইবাৰ চেল, টেকনিকেল চেল আৰু চি আই ডিয়ে অংশ লৈ যৌথভাৱে আগ বাঢ়িছে ।

লগতে পঢ়ক :তেজপুৰত কাৰাবন্দীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ কাৰাধীক্ষক

ABOUT THE AUTHOR

...view details