নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : শুকুৰবাৰে ঝাৰখণ্ডত অনুষ্ঠিত হৈছে পঞ্চম তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ অন্তিম পৰ্যায়ত 16 টা সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন কৰা হৈছে ৷ দিনৰ 11 বজালৈকে 29.19 % ভোটদান সাব্যস্ত হৈছে বুলি চৰকাৰী পক্ষই জানিবলৈ দিয়ে ৷ 16 টা সমষ্টিত 29 গৰাকী মহিলা প্ৰাৰ্থী সহিতে সৰ্বমুঠ 237 জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াত সৰ্বমুঠ 40,05,287 গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰিব ৷
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ 237 জন প্ৰাৰ্থীৰ ভিতৰত অন্যতম হৈছে মুখ্যমন্ত্ৰী ৰঘুবীৰ দাসৰ কেবিনেট সদস্য ৰাজ পালিৱাৰ, লুইছ মাৰান্দি আৰু ৰনধীৰ সিং ৷