নিউজ ডেস্ক, 23 ডিচেম্বৰ: অব্যাহত আছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ পুৱা 8 বজাৰ পৰা ৰাজ্যখনৰ 24 খন জিলাত আৰম্ভ হয় ভোটগণনা ৷
ৰাজ্যখনত ঝাৰখণ্ড মুক্তি মৰ্চা মুঠ 43 খন আসন,কংগ্ৰেছ 31 খন আৰু আৰু লালু প্ৰসাদৰ আৰ জেডিয়ে মুঠ 7 খন বিধানসভা আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ 30 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ মুঠ পাঁচটা পৰ্যায়ত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন ৷