নিউজ ডেস্ক, 23 মাৰ্চ : বিত্তীয় সংকটত জৰ্জৰিত ব্যক্তিগত খণ্ডৰ বিমান সেৱাপ্ৰতিষ্ঠান জেট এয়াৰৱেজে পুনৰ বাতিল কৰিলে 13 খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা ৷ ইয়াৰ পূৰ্বেও প্ৰতিষ্ঠানটোৱে 7 খন বিমানৰ সেৱা বাতিল কৰিছিল ৷ বিমান লীজত দিওঁতাসকলক বকেয়া ধন আদায় দিব নোৱৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণকৰিছিল প্ৰতিষ্ঠানটোৱে ৷
ভাল দিন আহিবঃ দৃঢ় বিশ্বাসী জেট এয়াৰৱেজ
জেট এয়াৰৱেজে পুনৰ বাতিল কৰিলে 13 খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা ৷ দৰমহা প্ৰদানত বিলম্ব হোৱাত এক এপ্ৰিলৰ পৰা ধৰ্মঘটত বহাৰ হুংকাৰ দিছে পাইলটসকলে ৷
ভাগ্য সলনী হ’ব: দৃঢ় বিশ্বাসী জেট এয়াৰৱেজ
বিত্তীয় সংকটৰ মাজতো প্ৰতিষ্ঠানটোৰ ভাল দিন আহিব বুলি দৃঢ় বিশ্বাসী প্ৰতিষ্ঠানটো ৷প্ৰতিষ্ঠানটো আৰু ইয়াৰ অংশীদাৰসকলেএতিয়াও প্ৰতিষ্ঠানটোক সুদৃঢ় কৰি তুলিবলৈ যত্ন অব্যাহত ৰাখিছে ৷ বেংকৰ 9,000 কোটি টকাৰ উপৰি15,000 কোটিটকা আদায় দিবলৈ আছে জেট এয়াৰৱেজৰ৷ ইয়াৰ উপৰি দৰমহা প্ৰদানত বিলম্ব হোৱাত এক এপ্ৰিলৰ পৰা ধৰ্মঘটত বহাৰ হুংকাৰ দিছে পাইলটসকলে ৷