অসম

assam

By

Published : Apr 18, 2019, 8:15 AM IST

ETV Bharat / bharat

অনিৰ্দিষ্টকাললৈ বন্ধ জেট এয়াৰৱেজৰ বিমান সেৱা

এটা যুগৰ যেন অন্ত পৰিল ৷ আকাশৰ বুকুত দপদপাই থকা জেট এয়াৰৱেজৰ বিমানত এতিয়াৰে পৰা আপুনি আৰু নাপায় যাত্ৰা কৰিবলৈ ৷ 25 বছৰ আকাশমাৰ্গত উৰণৰ অন্তত আৰ্থিক সংকটৰ মুখামুখি হৈ বুধবাৰৰ পৰা বন্ধ হৈ পৰিল জেট এয়াৰৱেজৰ বিমান সেৱা ৷

অনিৰ্দিষ্টকাললৈ বন্ধ জেট এয়াৰৱেজৰ বিমান সেৱা

নিউজ ডেস্ক, 18 এপ্ৰিল : বুধবাৰে শেষবাৰৰ বাবে অমৃতসৰৰ পৰা মুম্বাইলৈ উৰা মাৰে জেট এয়াৰৱেজৰ 9W 2502 নম্বৰৰ অন্তিমখন বিমানে ৷ আৰ্থিক সংকটত ভোগাৰ ফলতেই অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিল জেট এয়াৰৱেজৰ ঘৰুৱা আৰু আন্তৰ্জাতিক পৰ্যায়ৰ সকলোবোৰ বিমানৰ চলাচল ৷ আৰ্থিক সংকটত ভোগাৰ ফলতেই ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা 400 কোটি টকাৰ ঋণ বিচাৰিছিল জেট এয়াৰৱেজে ৷ কিন্তু অন্তিম পৰ্যায়ত ঋণ লাভ নকৰা বাবেই ইন্ধনৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ পৰিল জেটৰ সেৱা ৷

1993 চনৰ 5 মে'ত পোনপ্ৰথম বাৰৰ বাবে ভাৰতত উৰিছিল ব্যক্তিগত খণ্ডৰ বিমান কোম্পানী জেট এয়াৰৱেজৰ প্ৰথমখন বিমানে ৷ আন্তৰ্জাতিক বিমানৰ সেৱা প্ৰদান কৰা প্ৰথমটো ব্যক্তিগত খণ্ডৰ বিমান কোম্পানী হোৱাৰো সন্মান অৰ্জন কৰিছিল জেট এয়াৰৱেজে ৷ কোম্পানীটোত কৰ্মৰত সমূহ কৰ্মচাৰীকে এক ইমেইল যোগে এই দুখজনক বাৰ্তা প্ৰেৰণ কৰে জেট এয়াৰৱেজৰ সঞ্চালক বিনয় ডুবেই ৷

ABOUT THE AUTHOR

...view details