অসম

assam

ETV Bharat / bharat

বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজাহাৰক মুকলি কৰিলে পাকিস্তানে - মাছুদ আজহাৰৰ শেহতীয়া স্থিতি

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উদ্বেগজনক পৰিস্থিতিৰ মাজতে পাকিস্তানে মুকলি কৰি দিছে বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজহাৰক ৷ ভাৰতীয় চোৰাংচোৱাৰ হাতত আহি পৰিছে ভয়ংকৰ তথ্য ৷

বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজাহাৰক মুকলি কৰিলে পাকিস্তানে

By

Published : Sep 9, 2019, 10:46 PM IST

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰঃ পুলৱামা আত্মঘাতী আক্ৰমণত জড়িত থকা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ মুৰব্বীক জেলৰ পৰা মুকলি কৰি দিছে পাকিস্তান চৰকাৰে ৷ শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱাৰ হাতত আহি পৰিছে এই তথ্য ৷

ভাৰতীয় চোৰাংচোৱাৰ হাতত আহি পৰা তথ্য অনুসৰি, পাকিস্তানে জেলৰ পৰা মুকলি কৰি দিছে সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক ৷ চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, মাছুদ আজহাৰক কেতিয়াও জেলত ৰখা নাছিল পাকিস্তান চৰকাৰে ৷ বিগত সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানক হেঁচা প্ৰদান কৰাৰ পিচতে পাকিস্তানী সংবাদমাধ্যমৰ লগতে সেনা আৰু আৰক্ষীয়ে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানত ৰখাৰ বাতৰি প্ৰকাশ কৰিছিল ৷

কিন্তু ভাৰতীয় চোৰাংচোৱাৰ হাতত আহি পৰা তথ্য অনুসৰি মাছুদ আজহাৰৰ শেহতীয়া স্থিতি ধৰা পৰিছিল পাকিস্তানৰ মাৰ্কাজ সুভানাল্লা নামৰ ঠাইৰ লগতে বহৱলপুৰস্থিত জইচ-ই-মহম্মদৰ মুখ্যালয়ৰ লগতে আজহাৰৰ নিজা বাসগৃহত ৷

বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজাহাৰক মুকলি কৰিলে পাকিস্তানে

2016 চনৰ পাঠানকোট বায়ুসেনা ঘাটি আক্ৰমণ, সংসদ ভৱন আক্ৰমণ, জম্মু আৰু উৰি আক্ৰমণ তথা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত পুলৱামা আত্মঘাতী আক্ৰমণত জড়িত আছিল মাছুদ আজহাৰ ৷ শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্যৰ পিচতে পুনৰবাৰ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানৰ মিথ্যাচাৰ প্ৰমাণ হৈছে ৷

ABOUT THE AUTHOR

...view details