নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰঃদেশত সংঘটিত হৈ থকা ধৰ্ষণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে ৷ হায়দৰাবাদৰ পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ ৰাজ্যসভাত সৰৱ হৈ পৰে সাংসদগৰাকী ৷ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা প্ৰতিগৰাকী অভিযুক্তকে ৰাইজৰ হাতত এৰি দিব লাগে বুলি ৰাজ্যসভাৰ মজিয়াত উল্লেখ কৰে জয়া বচ্চনে ৷
ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰকঃ সাংসদ জয়া বচ্চন - সমাজবাদী পাৰ্টী সাংসদ জয়া বচ্চন ৰাজ্যসভা
দেশত সংঘটিত হৈ থকা ধৰ্ষণকাণ্ডৰ প্ৰতি সদনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ জয়া বচ্চনে ৷ সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে হত্যা কৰিব লাগে বুলি সদনত উল্লেখ কৰে ৷
সাংসদ জয়া বচ্চন
সাংসদ জয়া বচ্চনে কয় যে, "মই জানো এয়া অলপ কঠোৰ, কিন্তু মই ভাবো এইচাম লোকক ৰাইজৰ মাজলৈ উলিয়াই অনাটো প্ৰয়োজনীয় আৰু গণহত্যা কৰিব লাগে ৷" ৰাজ্যসভাত অত্যধিক ক্ষোভেৰে এই কথা প্ৰকাশ কৰে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে ৷
লগতে পঢ়কঃ ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক ছাব লেফ. শিৱাংগী সিং