অসম

assam

ETV Bharat / bharat

Covid-১৯: ভাৰতলৈ ৩০ বিলিয়ন ঋণ প্ৰদান জাপানৰ - ঋণ আদান প্ৰদানৰ বাবে চি এচ মহাপাত্ৰ আৰু JICAৰ মুখ্য প্ৰতিনিধি কাতচুঅ মাতছুমটৰ মাজত চুক্তি স্বাক্ষৰ কৰা হয়

বিশ্বজুৰি অতিমাৰী Covid-১৯ত আক্ৰান্ত লোকসকলৰ বিশেষকৈ দুখীয়া-দৰিদ্ৰ লোকসকলক সামাজিক সহয়তা প্ৰদানৰ বাবে ভাৰতে লোৱা পদক্ষেপক সমৰ্থন জনাই ৩০ বিলিয়ন অৰ্থাৎ ২,১১৩ কোটি টকাৰ চৰকাৰী উন্নয়ন সহায়তাৰ ঋণ প্ৰদান জাপানৰ ।

ভাৰতলৈ ৩০ বিলিয়ন ঋণ প্ৰদান জাপানৰ
ভাৰতলৈ ৩০ বিলিয়ন ঋণ প্ৰদান জাপানৰ

By

Published : Jan 9, 2021, 2:19 PM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী: বিশ্বজুৰি অতিমাৰী Covid-১৯ ত আক্ৰান্ত লোকসকলৰ বিশেষকৈ দুখীয়া-দৰিদ্ৰ লোকসকলক সামাজিক সহয়তা প্ৰদানৰ বাবে ভাৰতে লোৱা পদক্ষেপক সমৰ্থন জনাই জাপানে ৩০ বিলিয়ন অৰ্থাৎ ২,১১৩ কোটি টকাৰ চৰকাৰী উন্নয়ন সহায়তাৰ ঋণ প্ৰদান কৰে । এই সন্দৰ্ভত শুকুৰবাৰে ভাৰতৰ অৰ্থনৈতিক বিভাগৰ অতিৰিক্ত সচিব চি এচ মহাপাত্ৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত চুজুকী সাতোশীয়ে ঋণৰ বাবে পইচা আদান-প্ৰদান কৰে । অতিমাৰীৰ সংকটৰ সময়ত সন্মুখীন হ'বলগীয়া সমস্যাৰ ওপৰত লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয় ।

ভাৰতলৈ ৩০ বিলিয়ন ঋণ প্ৰদান জাপানৰ

ঋণৰ টকা আদান প্ৰদানৰ বাবে চি এচ মহাপাত্ৰ আৰু JICAৰ মুখ্য প্ৰতিনিধি কাতচুঅ মাতছুমটৰ মাজত চুক্তি স্বাক্ষৰ কৰা হয় ।

উল্লেখ্য যে,বিশ্বজুৰি অতিমাৰী Covid-১৯ ৰ সংকটৰ সময়ত দেশজুৰি দুখীয়া-দৰিদ্ৰ লোকসকল আৰ্থিক মন্দাৱস্থাত ভুগিছিল আৰু তাৰ বাবে ভাৰতে সামাজিক সহায় প্ৰদানৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে । ভাৰতৰ এই পদক্ষেপক জাপানেও সহায় আগবঢ়ায় ।

ইফালে ভাৰতবৰ্ষত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি, সৰ্বমুঠ ভাৰতবৰ্ষত মুঠ কৰ'ণা ৰোগীৰ সংখ্যা ১,০৪,১৩,৪১৭ গৰাকী আৰু মৃত্যুৰ সংখ্যা ১,৫০,৫৭০ গৰাকী ।

লগতে পঢ়ক: কৃষক আন্দোলন সন্দৰ্ভত দলীয় নেতাৰে বৈঠকত মিলিত হ'ব ছোনীয়া গান্ধী

ABOUT THE AUTHOR

...view details