নিউজ ডেস্ক,6 জানুৱাৰী: স্বচ্ছ ভাৰত অভিযান মৰ্মে সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷ ডেৰাদুনতো এখন অঞ্চলৰ বাসিন্দা সকলে কোনো চৰকাৰী সাহাৰ্য নোহোৱাকৈয়ে স্বচ্ছতাৰ দিশে অগ্ৰসৰ হৈছে ৷ আজি কেৱাল বিহাৰ অঞ্চলে দেশৰ ভিতৰতে এখন পৰিস্কাৰ-পৰিচ্ছন্ন আৰু সুন্দৰ অঞ্চলৰ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ উত্তৰাখণ্ডৰ দেৰাডুন জিলাৰ অন্তৰ্গত এখন পিচপৰা অঞ্চলৰ নিৱাসী সকলে স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা প্ৰেৰিত হৈ স্বচ্ছতা অভিযানক আগুৱাই নিয়াবলৈ এক গভীৰ পথ বাচি উলিয়ায় ৷
প্ৰতিবেদন অনুসৰি,কেৱাল বিহাৰ অঞ্চল এক প্লাষ্টিক মুক্ত অঞ্চল হিচাপে গঢ় লৈ উঠিছে,যেতিয়াৰে পৰা তেওঁলোকে কাৰ্যকৰী আৱৰ্জনা বিভাজন পদ্ধতি গ্ৰহণ কৰিছে লোকসকলে ঘৰতে থাকি এই পৃথকীকৰণ আৰম্ভ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে তেওঁলোকে শুকান আৰু ভিজা আৱৰ্জনা সমূহ একত্ৰ কৰি সেইবোৰ সাৰলৈ ৰূপান্তৰিত কৰে
তেওঁলোকে একক ব্যৱহৃত প্লাষ্টিক সমূহো সংগ্ৰহ কৰে আৰু সেইবোৰ ব্যৱহাৰ কৰে পথ নিৰ্মাণ সামগ্ৰীত নতুবা ডিজেল উৎপাদনৰ উপাদান হিচাপে ভাৰতীয় পেট্ৰ'লিয়াম প্ৰতিষ্ঠানত প্ৰেৰণ কৰে