অসম

assam

ETV Bharat / bharat

পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ' - দৈৰ্ঘ 14 ফুট আৰু প্ৰস্থ 20 ফুট

একক ব্যৱহৃত প্লাষ্টিকৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ আৰু সাধাৰণ ৰাইজক সচেতন কৰিবলৈ নয়ডাত এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷

পৃথিৱীৰ আটাইতকৈ ডাঙৰ 'যতঁৰ'
পৃথিৱীৰ আটাইতকৈ ডাঙৰ 'যতঁৰ'

By

Published : Jan 2, 2020, 3:45 PM IST

নিউজ ডেস্ক, 2 জানুৱাৰী: পেলনীয়া প্লাষ্টিকেৰে নয়ডাত নিৰ্মাণ কৰি উলিয়াইছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ 1650 কিলোগ্ৰামৰ এটা 'যঁতৰ' ৷ মহাত্মা গান্ধীৰ 150 তম জন্ম জয়ন্তীত এই বিশেষ যঁতৰটো উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷

পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

এই যঁতৰটো নিৰ্মাণ কৰা হৈছে ছেক্টৰ 98ৰ মহামায়া উৰণীয়া সেতুৰ কাষত ৷ যিটোৰ দৈৰ্ঘ 14 ফুট আৰু প্ৰস্থ 20 ফুট ৷ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মিত এই যঁতৰটোৰ নাম সফলতাৰে ইণ্ডিয়ান বুক অৱ্ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৷

উল্লেখ্য যে,চৰকাৰে একক ব্যৱহৃত প্লাষ্টিকৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ আৰু সাধাৰণ ৰাইজক সচেতন কৰিবলৈ এই পন্থা অৱলম্বন কৰিছে ৷

লগতে চাওকঃ শ্বহীদ পৰিয়াললৈ সহায়ৰ হাত ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ

ABOUT THE AUTHOR

...view details