নিউজ ডেস্ক, 5 জানুৱাৰী: স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গতত, সমগ্ৰ দেশতে পৰিৱেশ সংৰক্ষণৰ বাবে জনতাক এই বিষয়ত শিক্ষিত কৰাৰ প্ৰয়াস চলি আছে ৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাত প্ৰেৰিত হৈ 13 বছৰীয়া আস্থা ঠাকুৰে নিজৰ অঞ্চলটোক প্লাষ্টিক মুক্ত কৰিবলৈ পদক্ষেপ হাতত লৈছে ৷ আস্থা দেৰাডুনৰ পৰা প্ৰায় 80 কিমি দুৰত অৱস্থিত টৌলী গাঁৱৰ বাসিন্দা ৷
নৱম শ্ৰেণীৰ ছাত্ৰী আস্থাই 5ৰ পৰা 14 বছৰ বয়সৰ ভিতৰৰ 28 খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক একগোট কৰি এখন বাল্য পঞ্চায়ত গঠন কৰে ৷
এই পঞ্চায়তৰ সমূহ সদস্যই প্লাষ্টিকৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধত নামিছে আৰু ইয়াক সাৰ্থক কৰিবলৈ গাঁৱৰ সকলো লোককে প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে সজাগ আৰু শিক্ষা প্ৰদান কৰি আছে ৷ বাল্য পঞ্চায়তৰ সদস্য সকলৰ লগত মিলি আস্থাই কাগজৰ বেগ প্ৰস্তুত কৰি সেইসমূহ কাষৰীয়া অঞ্চল সমূহত বিতৰণ কৰে ৷