নিউজ ডেস্ক, 29 জানুৱাৰী : ভাগীৰথী নদীৰ ঢৌ ঠেলি ঠেলি এখন সৰু নৌকা আগুৱাই গৈ থাকে ৷ এইটো এটা শীতাৰ্ত পুৱা আৰু নদীৰ অধিকাংশ কুঁৱলীয়ে আৱৰি আছিল ৷ কিন্তু এজন অকলশৰীয়া আদহীয়া ব্যক্তিয়ে নদীৰ ঢৌত তীক্ষ্ন দৃষ্টি ৰাখি কিবা আলোচনা কৰা দেখা গৈছে ৷
পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাৰ বাহৰামপুৰৰ গৌতম চন্দ্ৰ বিশ্বাস এনে এজন লোক যি নমামী গংগাক তেখেতৰ প্ৰত্যক্ষ অভিযানত পৰিণত কৰিছে ৷ গৌতম বিশ্বাসে ক্ষুদ্ৰ আয়ৰ স্বত্বেও স্বাৰ্থবিহীনভাৱে এই পৰিৱৰ্তনৰ বাবে বৰঙণি যোগাইছে ৷
ধীৰে ধীৰে যেতিয়া বেলি পৰি আহে, গৌতমৰ সৰু নাওখন প্লাষ্টিকৰ জাৱৰেৰে ভৰি পৰে ৷ এইবোৰৰ ভিতৰত প্লাষ্টিকৰ মোনা,বটল আদি বিভিন্ন জাৱৰ থাকে ৷ গৌতমৰ এই পদক্ষেপে মোদীৰ স্বচ্ছ ভাৰত অভিযানক সহযোগিতা আগবঢ়াইছে ৷