নিউজ ডেস্ক, 27 জানুৱাৰীঃনাগৰিকৰ মাজত সচেতনতা প্ৰচাৰৰ বাবে আৰু প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰিবলৈ বিজয়পুৰাৰ ইন্দিৰা কেন্টিনে প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে একাপ চাহ প্ৰদান কৰে ৷ নগৰ প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰত বিৰাম লগাবলৈ আৰু এখন পৰিস্কাৰ সমাজ গঢ়িবলৈ নাগৰিকৰ সহযোগিতা পোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ৷ সংগ্ৰহ কৰা বটলবোৰ কেন্টিনৰ পৰা আনি বাগলকোটৰ জে.কে চিমেন্ট ফেক্টৰীত চিমেন্টৰ লগত মিশ্ৰণ কৰিবলৈ পঠিওৱা হয় ৷ যাৰ ফলত ইয়াৰ গুণাগুণ বৃদ্ধি পায় ৷
প্লাষ্টিকৰ বটলৰ বিনিময়ত একাপ চাহ বিনামূল্যে - জিলা নিগম
বিজয়পুৰাৰ নগৰ প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰত বিৰাম লগাবলৈ আৰু এখন পৰিস্কাৰ সমাজ গঢ়িবলৈ নাগৰিকৰ সহযোগিতা পাবলৈ ষ্টিকৰ বটলৰ পৰিৱৰ্তে একাপ চাহ প্ৰদান কৰে ৷
প্লাষ্টিকৰ বটল
সম্প্ৰতি জিলা নিগমৰ বিষয়ববীয়াসকলে খুচুৰা আৰু পাইকাৰী দোকানৰ পৰা প্ৰায় 14 টন প্লাষ্টিক জব্দ কৰিছে ৷ প্ৰতিদিনে ৱেষ্ট মেনেজমেন্ট চাইটৰ পৰাও প্ৰায় 400 কিলোগ্ৰাম সংগ্ৰহ কৰা হয় ৷
লগতে পঢ়ক ঃপ্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম কৰ্ণাটকৰ এগৰাকী অভিযন্তাৰ