অসম

assam

ETV Bharat / bharat

প্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম কৰ্ণাটকৰ এগৰাকী অভিযন্তাৰ - কৰ্ণাটকৰ বিৰাপ্পা আৰাকেৰি

কৰ্ণাটকৰ বিৰাপ্পা আৰাকেৰি নামৰ এগৰাকী অভিযন্তাই প্লাষ্টিকৰ বিৰুদ্ধে অকলে একপ্ৰকাৰৰ যুদ্ধ ঘোষণা কৰে ৷ তেওঁ চহৰৰ ঘৰে ঘৰে গৈ প্লাষ্টিকৰ আৱৰ্জনাবোৰ সংগ্ৰহ কৰে ৷

An engineer's fight against plastic
An engineer's fight against plastic

By

Published : Jan 26, 2020, 7:01 PM IST

নিউজ ডেস্ক, 26 জানুৱাৰীঃহুব্বালীৰ এগৰাকী অভিযন্তাই একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে অকলে একপ্ৰকাৰৰ যুদ্ধ ঘোষণা কৰে ৷ বীৰাপ্পা আৰাকেৰি পেছাগতভৱে এগৰাকী বৈদ্যুতিক অভিযন্তা, যিয়ে চহৰৰ ঘৰে ঘৰে গৈ প্লাষ্টিকৰ আৱৰ্জনাবোৰ সংগ্ৰহ কৰে ৷ ইয়াৰোপৰি তেওঁ প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে সাধাৰণ লোকৰ মাজত সজাগতাও প্ৰচাৰ কৰে ৷ আৰাকেৰি এগৰাকী কম্পিউটাৰ প্ৰশিক্ষকো ৷ তেওঁ লোকক চিলাই কামো শিকায় ৷ ইমানবোৰ পেছাত জড়িত হৈ থকাৰ কাৰণ হ'ল তেওঁ প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবদ মানুহক পইচা দিয়ে ৷

তেওঁ চুবুৰীয়া সকলৰ পৰা আৰম্ভনিতে যি প্ৰতিক্ৰিয়া পাইছিল, তাৰ পৰা এটা কথা স্পষ্ট যে তেওঁৰ এই পদক্ষেপত তেওঁলোক সন্তুষ্ট নাছিল ৷ বাস্তৱত তেওঁলোকৰ অধিকাংশই এনেধৰণৰ বিশাল প্ৰত্যাহ্বানমূলক কাম কৰাৰ বাবে তেওঁক বিদ্ৰূপ কৰিছিল আৰু তেওঁক প্ৰায়েই মনত কৰি দিয়ে যে এই কাৰ্য ফলপ্ৰসু নহয় ৷ কিন্তু বিৰাপ্পাই যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল সেই লক্ষ্যৰ প্ৰতি তেওঁ দৃঢ় আছিল ৷ তেওঁৰ প্ৰচেষ্টাবোৰে ফল ধৰাত বৰ্তমান বহু লোকে তেওঁৰ সৈতে মিলিতও হৈছে ৷

প্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম কৰ্ণাটকৰ এগৰাকী অভিযন্তাৰ

এনেকুৱা অনেক গৃহিনী আছে যিসকলে বৰ্তমান তেওঁৰ অনুৰোধত বাধ্য হৈ পৰিছে আৰু প্লাষ্টিকৰ পৰা আৱৰ্জনা সমূহ পৃথক কৰি বীৰাপ্পাক প্ৰদান কৰে ৷ বীৰাপ্পাৰ একক প্ৰচেষ্টাত তেওঁৰ অঞ্চলৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাত এক ধনাত্মক ফল দিয়ে, য'ত তেওঁ মানুহক প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে সজাগতাও প্ৰদান কৰি আছে ৷

লগতে পঢ়ক ঃমাংগালুৰুৰ এগৰাকী পৰিৱেশবিদে কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাচ

ABOUT THE AUTHOR

...view details