নিউজ ডেস্ক,24 জানুৱাৰীঃচৌদিশে যিহেতু প্লাষ্টিকৰ বিৰুদ্ধে সজাগতাৰ জোৱাৰ উঠিছে,এই ক্ষেত্ৰত প্লাষ্টিকৰ বিকল্প পদাৰ্থৰ ব্যৱহাৰ জনপ্ৰিয় কৰাতো প্ৰয়োজনীয় হৈ পৰিছে ৷ ৰাইশূৰ জিলাত চৰকাৰ আৰু নিৰ্বাচিত প্ৰতিনিধিবৰ্গই কাপোৰৰ মোনাৰ ব্যৱহাৰ জনপ্ৰিয় কৰাৰ বাবে হাত উজান দিছে ৷ ৰাইশূৰৰ সিন্ধানুৰ অঞ্চলৰ লোকসকলক জিলা পৌৰ নিগমৰ সদস্য নলিনী চন্দ্ৰশেখৰ মেটীয়ে কাপোৰৰ মোনা বিতৰণ কৰিছে ৷ নিজৰ গাঁঠিৰ ধন ব্যয় কৰি তেওঁ হোচাপেতৰ পৰা 600 কাপোৰৰ মোনা ক্ৰয় কৰে আৰু সেইসমূহ সিন্ধানুৰৰ দুই নং ৱাৰ্ডৰ আৱাসীসকলৰ মাজত বিতৰণ কৰে ৷
কৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা - plastic campaign
কৰ্ণাটকৰ ৰাইশূৰ জিলাত চৰকাৰ আৰু নিৰ্বাচিত প্ৰতিনিধিবৰ্গই কাপোৰৰ মোনা ব্যৱহাৰ কৰি প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ৷
কৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা
নলিনীয়ে নিজৰ ৱাৰ্ডটো প্লাষ্টিক মুক্ত কৰিব বিচাৰে ৷ যাৰ বাবে তেওঁ কাপোৰৰ মোনা বোৰত "we walk towards cleanness" এটি বাৰ্তা ছপা কৰি সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে ৷ দেখা যায় যে,কাপোৰৰ মোনাসমূহ দীৰ্ঘ সময়লৈ ব্যৱহাৰ কৰিব পাৰি আৰু 10-15 কেজি সামগ্ৰী কঢ়িয়াব পাৰি ৷ কাপোৰৰ মোনাসমূহ পৰিৱেশ অনুকূল কিয়নো এই সমূহ কপাহ আৰু পুনঃব্যৱহাৰ যোগ্য সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা হয় ৷
লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ গৃহ চহৰত ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ