অসম

assam

ETV Bharat / bharat

প্লাষ্টিকৰ বিৰুদ্ধে বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশাৱলী - কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ

কৃষ্ণা নদীৰ পাৰত ইন্দ্ৰকীলাদ্ৰি পাহাৰত অৱস্থিত কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰৰ চৌহদত নিষিদ্ধ প্লাষ্টিক ৷ নিৰ্দেশ অমান্য কৰা যিকোনো ব্যক্তিৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

বিজয়ৱাড়া
কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ

By

Published : Jan 22, 2020, 4:13 PM IST

নিউজ ডেস্ক, 22 জানুৱাৰীঃবিজয়ৱাড়াক একক ব্যৱহৃত প্লাষ্টিকমুক্ত চহৰ কৰাৰ উদ্দেশ্যে কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰৰ চৌহদৰ ভিতৰত প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰিছে ৷ এই বিখ্যাত মন্দিৰটো কৃষ্ণা নদীৰ পাৰত ইন্দ্ৰকীলাদ্ৰি পাহাৰত অৱস্থিত ৷ মন্দিৰৰ চৌহদত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে কঠোৰ নিৰ্দেশাৱলী আছে ৷ মন্দিৰ কৰ্তৃপক্ষই নিৰ্দেশ অমান্য কৰা যিকোনো ব্যক্তিৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে ৷

পৰিবেশকৰ্মী, চৰকাৰী বিষয়া আৰু বেচৰকাৰী সংস্থাই যুটীয়াভাৱে অঞ্চলটো প্লাষ্টিকমুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কনকা দুৰ্গা মন্দিৰ হৈছে চহৰখনৰ অতিশয় জনবহুল স্থান আৰু প্ৰতিদিনে ইয়াত অগণন ভক্তৰ সমাগম হয় ৷ উৎসৱ আৰু বন্ধ বাৰত মন্দিৰটোলৈ ভক্তৰ দৰ্শনাৰ্থীৰ ভিৰ বেছি হয় ৷ সেই দিন কেইটাত অধিক ভক্তৰ আগমণত প্লাষ্টিকৰ ব্যৱহাৰৰ মাত্ৰাও বৃদ্ধি পায় ৷

অধিকসংখ্যক ভক্তই পূজাৰ সামগ্ৰীসমূহ প্লাষ্টিকৰ মোনাত কঢ়িয়াইছিল ৷ কিন্তু বৰ্তমান মন্দিৰৰ ভিতৰলৈ কেৱল কাপোৰৰ মোনাতহে পূজাৰ সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হয় ৷ যিসময়ত কোটেস্বৰাম মন্দিৰটোৰ কাৰ্যবাহী বিষয়া আছিল, তেওঁ মন্দিৰৰ কৰ্মীসকলক দুৰ্গা দেৱীলৈ অৰ্পণ কৰা কাপোৰৰ পৰা মোনা নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিল ৷ কিন্তু এই পদক্ষেপে মন্দিৰৰ নিধিত এক সুৰুঙাৰ সৃষ্টি কৰিলে ৷ বৰ্তমানৰ কাৰ্যবাহী বিষয়া সুৰেশ বাবুৱে আগতীয়াকৈ পৰ্যাপ্ত পৰিমাণৰ কাপোৰৰ মোনা নিৰ্মাণৰ ব্যৱস্থা কৰিছে ৷

প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশাৱলী বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ

তেওঁ কয় যে, সম্পূৰ্ণভাৱে প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে ৷ আনকি মন্দিৰ চৌহদত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলকো প্লাষ্টিক বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ মহামন্দপমৰ পঞ্চম মহলাত পূজাৰ সামগ্ৰী বিক্ৰী কৰা হয় ৷ তাৰ ব্যৱসায়ীসকলে ইতিমধ্যে তেওঁলোকৰ বিপনীত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে ৷

বিজয়ৱাড়াক প্লাষ্টিক মুক্ত কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষৰ, ভক্ত আৰু বিক্ৰেতাৰ এই প্ৰচেষ্টাক নিশ্চিতভাৱে দীৰ্ঘম্যাদী সফলতা হিচাপে প্ৰমাণ কৰিছে ৷

লগতে পঢ়কঃ বৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূ জল যোজনা

ABOUT THE AUTHOR

...view details