অসম

assam

ETV Bharat / bharat

প্ৰদূষণ ৰোধৰ বাবে অন্ধপ্ৰদেশৰ ছাত্ৰৰ বিশেষ প্ৰচেষ্টা - Plastic Campaign Story - Andhra pradesh story

অন্ধপ্ৰদেশৰ বিজয়ৱাড়াৰ কেভিএন মহাবিদ্যালয়ৰ তিনিজন ছাত্ৰই বিশেষ প্ৰচেষ্টাৰ জৰিয়তে খাৰুৱা তেল প্ৰস্তুত কৰিছে বৰ্জিত প্লাষ্টিকৰ পৰা ৷

Plastic Campaign Story -  Andhra
প্ৰদূষণ ৰোধৰ বাবে অন্ধপ্ৰদেশৰ ছাত্ৰৰ বিশেষ প্ৰচেষ্টা

By

Published : Jan 21, 2020, 3:56 PM IST

নিউজ ডেস্ক, 21 জানুৱাৰীঃ বৰ্তমান সময়ত প্লাষ্টিক মানেই যেন প্ৰদূষণৰ আন এক নাম হৈ পৰিছে ৷ কিন্তু, সঠিক ব্যৱহাৰৰ দ্বাৰা প্লাষ্টিকে বিস্ময়ৰ সৃষ্টি কৰিব পাৰে ৷ এই ধাৰণাৰে কাম কৰি বিজয়ৱাড়াৰ কে.ভি.এন মহাবিদ্যালয়ৰ তিনিজন এম.এছ চিৰ ছাত্ৰই বৰ্জিত প্লাষ্টিকক খাৰুৱা তেললৈ পৰিণত কৰিছে ৷ কাৰখানসমূহত এই তেল ব্যৱহাৰ কৰা হয় ৷ এই ছাত্ৰ কেইজনে পিভিচি প্লাষ্টিক জ্বলাই তাৰ পৰা ওলোৱা ভাপৰ জৰিয়তে খাৰুৱা তেল প্ৰস্তুত কৰে ৷

প্ৰদূষণ ৰোধৰ বাবে অন্ধপ্ৰদেশৰ ছাত্ৰৰ বিশেষ প্ৰচেষ্টা

তেওঁলোকে জনোৱা মতে, 100 গ্ৰাম খাৰুৱা তেল প্ৰস্তু কৰাৰ বাবে 2 কিলোগ্ৰাম প্লাষ্টিকৰ প্ৰয়োজন হয় ৷ মন কৰিবলগীয়া যে, প্ৰতিদিনে হাজাৰ টন বৰ্জিত প্লাষ্টিক এইদৰে শোধন কৰা হয় ৷ ইয়াৰে কিছুমান একক ব্যৱহৃত প্লাষ্টিক আৰু আন কিছুমান পাইপ আৰু প্লাষ্টিকৰ প্লেট জাতীয় সামগ্ৰী ৷

লগতে পঢ়কঃএছিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ বৰপথাৰৰ যুৱকৰ

ABOUT THE AUTHOR

...view details