নিউজ ডেস্ক, 15 জানুৱাৰীঃনিকা আৰু পৰিস্কাৰ পৰিৱেশ গঢ়াৰ উদ্দেশ্যে পণ্ডীচেৰীৰ এখন গাঁৱে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে পদক্ষেপ হাতত লৈছে ৷ "Puducherry environmental department"-ৰ হৈ পিল্লাইয়াৰ্কুপ্পাম গাঁওবাসীয়ে গ্ৰাম্য কাউঞ্চিলাৰ আৰু সদস্যৰ এটা দল গঠন কৰিছে ৷
এই গোটটোৰ সদস্যসকলক কাপোৰ আৰু কাগজৰ মোনা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ এই পদক্ষেপ প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাত সহায়ক হ'ব ৷ কাপোৰ আৰু কাগজৰ মোনাসমূহ স্থানীয় দোকানসমূহত বিতৰণ কৰা হয় ৷