অসম

assam

ETV Bharat / bharat

কাঠৰ ফণি নিৰ্মাণেৰে প্লাষ্টিকৰ বিৰুদ্ধে যুঁজ ছগনলালৰ

মধ্যপ্ৰদেশৰ উজ্জয়ন জিলাৰ অফ বিট ট্ৰেকৰ "কংগী মহল্লা"ৰ ডিংগি গলিত থকা ছগনলালৰ গৃহটো যথেষ্ট চৰ্চিত ৷ নীলা বৰণযুক্ত এই গৃহটো সেইসকলৰ বাবে এটি মাইলৰ খুঁটি স্বৰূপ ৷

মধ্যপ্ৰদেশ
কংগী মহল্লাৰ অকথিত কাহিনী

By

Published : Jan 10, 2020, 7:01 PM IST

নিউজ ডেস্ক,10 জানুৱাৰীঃ মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাৰ অফ বিট ট্ৰেকৰ "কংগী মহল্লা"ৰ ডিংগি গলিত থকা ছগনলালৰ গৃহটো যথেষ্ট চৰ্চিত ৷ নীলা বৰণযুক্ত এই গৃহটো সেইসকলৰ বাবে এটি মাইলৰ খুঁটি স্বৰূপ ৷ যি এই অঞ্চলত থলুৱাভাৱে কাঠৰ ফণি নিৰ্মাণকাৰীসকলক বিচাৰি আহে ৷ পূৰ্বতেও এই অঞ্চলত এইধৰণৰ কুটীৰ শিল্পী পোৱা গৈছিল ৷

কাঠৰ ফণি নিৰ্মাণ ছগনলালৰ

কাঠৰ পৰা ফণি নিৰ্মাণ কৰা শিল্পক ধৰি ৰখা কেইজনমানহে কলা-কুশলী শিল্পী দেশৰ কোনো কোনো প্ৰান্তত বৰ্তমান জীয়াই আছে ৷ তেওঁলোকে তীক্ষ্ন আৰু নিপুণ আঙুলিৰে অতি দক্ষতাৰে এতিয়াও উত্তৰ ভাৰতত উপলব্ধ ৰৌজউডত কাম কৰে ৷ ইয়াক স্থানীয়ভাৱে শিশাম কাঠ বুলিও কোৱা হয় ৷

ছগনলাল নামৰ এই লোকজনে দাবী কৰে যে,প্লাষ্টিকৰ ফণিতকৈ কাঠৰ ফণি অনেক গুণে উন্নত ৷ ই মুৰত একধৰণৰ মালিচ দিয়াৰ লগতে চুলি সৰাও কম কৰে ৷ তেওঁ নিজৰ ধূসৰ চুলিখিনি ফণিয়াই এই ফণিৰ প্ৰাথমিক প্ৰমাণ দিয়ে যে,কাঠৰ ফণিয়ে চুলি সৰা পৰিমাণ কমায় ৷

কংগী মহল্লাৰ অকথিত কাহিনী

ছগনলালে নিৰ্মাণ কৰা ফণিবোৰ বিভিন্ন আৰ্হিত উপলব্ধ আৰু প্ৰতিখন ফণিৰ মূল্য প্ৰায় 50 ৰ পৰা 150 টকা ৷

এই শিল্পক জীয়াই ৰখাৰ বাবে ছগনলালৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ শলাগ লৈছে মুখ্যমন্ত্ৰী কমল নাথ আৰু ছোনিয়া গান্ধীয়ে ৷

লগতে চাওকঃসাংবাধানিক সুৰক্ষা প্ৰদানক লৈ অমিত শ্বাহৰে বৈঠক মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details