নিউজ ডেস্ক, 16 নৱেম্বৰ:জম্মুৰ জৱাহৰ টাৰ্ণেল অঞ্চলত তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় পথ ৷ আনহাতে পীৰপঞ্জাল পৰ্বত শৃংখলাৰ এলেকাত প্ৰৱল তুষাৰপাতৰ বাবে মোগল ৰোড বন্ধ কৰা হয় । অঞ্চলকেইটাত তুষাৰপাতৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ প্ৰশাসনে পথ সমূহৰ পৰা বৰফ আঁতৰাই যোগাযোগ ব্যৱস্থা পুনৰ সূচল কৰাৰ বাবে কাম আৰম্ভ কৰিছে ৷
তুষাৰপাতৰ বাবে বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথ - জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথ
সোমবাৰে জম্মুৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২ ডিগ্ৰী চেলচিয়াছ আৰু নিম্নতম তাপমাত্ৰা আছিল ১৩ ডিগ্ৰী চেলচিয়াছ । ৰাজ্যখনত তুষাৰপাতৰ বাবে বন্ধ হৈ পৰে জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় পথ ৷
তুষাৰপাতৰ বাবে বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথ
ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, সোমবাৰে জম্মুৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২ ডিগ্ৰী চেলচিয়াছ আৰু নিম্নতম তাপমাত্ৰা আছিল ১৩ ডিগ্ৰী চেলচিয়াছ । পশ্চিম হিমালয় ক্ষেত্ৰত আজি ধুমুহা, বজ্ৰপাত আৰু শিলাবৃষ্টি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷
লগতে পঢ়ক: কেদাৰনাথ ধামৰ তুষাৰপাত দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ