নিউজ ডেস্ক, ২৭ জুনঃজম্মুৰ মাণ্ডলিক আয়ুক্ত সঞ্জীৱ বাৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত হয় চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সন্দৰ্ভত এখন বিশেষ বৈঠক । অমৰনাথ যাত্ৰাৰ পৰিচালনা সমিতি তথা বিভাগীয় সমিতি আৰু ৰাজমাৰ্গ জিলা বিভিন্ন বিষয়ববীয়াৰ সৈতে অনুষ্ঠিত হয় এই বৈঠক ।
চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সফল কৰি তুলিবলৈ বিভিন্ন ব্যৱস্থা সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত কৰে বুলি সদৰি কৰে । লগতে এই বৈঠকত মাণ্ডলিক আয়ুক্ত সঞ্জীৱ বাৰ্মাই চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাত মহামাৰী COVID-19ৰ সজাগতা তথা প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ মত প্ৰকাশ কৰাৰ উপৰিও এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ।