নিউজ ডেস্ক, 6 আগষ্টঃ সোমবাৰে ৰাজ্যসভাত গৃহীত হোৱাৰ পিচতেই আজি লোকসভাত উত্থাপন হ'ব বহুচৰ্চিত জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক, 2019 ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্য়াহাৰ তথা ৰাজ্যখনক দুটা ভাগত ভাগ কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ বাবেই লোকসভাত বিধেয়কখন উত্থাপন কৰা হ'ব ৷
আজি লোকসভাত উত্থাপন হ'ব জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক - এক সংবিধান
লোকসভাত আজি উত্থাপন হ'ব বহুচৰ্চিত জম্মু-কাশ্মীৰ(পুনৰগঠন) বিধেয়ক, 2019 ৷ ইতিমধ্য়ে যোৱাকালি ৰাজ্যসভাত 125 টা ভোট সপক্ষে লাভ কৰাৰ বিপৰীতে 61টা ভোট বিপক্ষে লাভ কৰিছে বিধেয়কখনে ৷
ৰাজ্যসভাত দীৰ্ঘ বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীত হোৱাৰ পিচত লোকসভাত বিধেয়কখন অনাসায়ে গৃহীত হোৱা সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ কিয়নো লোকসভাত বিজেপিৰ নিৰকুংশ সংখ্যাগৰিষ্ঠতা আছে ৷ সেইফালৰ পৰা বিধেয়কখন গৃহীত হোৱাত চৰকাৰৰ পক্ষে কোনো অসুবিধা নহ'ব ৷ লোকসভাত বিধেয়কখন গৃহীত হ'লেই জম্মু-কাশ্মীৰত প্ৰযোজ্য হৈ পৰিব নতুন অধিনিয়ম ৷
বিধেয়কখন গৃহীত হ'লেই দেশৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ সংখ্যা সৰ্বমুঠ 9খন হৈ পৰিব ৷ আনহাতে জম্মু-কাশ্মীৰ, বিধানমণ্ডলৰ সৈতে আৰু লাডাখ বিধানমণ্ডল নোহোৱাকে দুটা ভাগত বিভক্ত হৈ পৰিব ৷ বিধেয়কখন গৃহীত হোৱাৰ পিচতেই জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা নোহোৱা হৈ পৰাৰ লগতে সকলো আইন বদলি হৈ পৰিব ৷ ইয়াৰ লগতে আগন্তুক স্বাধীনতা দিৱসত সমগ্ৰ দেশতে এক ৰাষ্ট্ৰ, এক সংবিধানৰ নিয়মানুসৰি এখনেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন হ'ব ৷