জম্মু কাশ্মীৰ, 13 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে পাকিস্তানৰ সৈতে সংলগ্ন চেনাব নদীৰ আন্তৰাষ্ট্ৰীয় সীমা টহল দিয়ে সীমা সুৰক্ষা বাহিনীয়ে ৷ সীমা সুৰক্ষা বাহিনীয়ে সু-সজ্জিত জাহাজেৰে সীমান্ত পৰিদৰ্শন কৰি নিৰাপত্তা দিশটো সুনিশ্চিত কৰে ৷ সীমান্ত সুৰক্ষা দলে অঞ্চলটোত 24x7 থাকি নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিব ৷ নিৰাপত্তাবাহিনীৰ দলটোক জলপথত পহৰা দিবলৈ প্ৰশিক্ষণ দিয়া হৈছে ৷
জম্মু-কাশ্মীৰ : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত চেনাব নৈত বিএছএফৰ টহল - জম্মু-কাশ্মীৰ
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে পাকিস্তানৰ সৈতে সংলগ্ন চেনাব নদীৰ আন্তৰাষ্ট্ৰীয় সীমা টহল দিয়ে সীমা সুৰক্ষা বাহিনীয়ে ৷
উল্লেখ্য যে, ভাৰতে এইবাৰ 74তম স্বাধীনতা দিৱস উদযাপন কৰিব ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সন্ত্ৰাসবাদীয়ে কোনো কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে জলপথটোত সৰ্তক দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷ ইতিমধ্যে 12 আগষ্টত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ লগত সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন জোৱান আহত হোৱাৰ লগতে শ্বহীদ হয় জুলজিৎ যাদৱ নামৰ এজনৰ জোৱান ৷ এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদীও নিহত হয় ৷
লগতে পঢ়ক :17সংখ্যক কাৰমাপাৰ ছিক্কিম ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ