নিউজ ডেস্ক, 1 জুনঃ জম্মু কাশ্মীৰৰ ৰাজাউৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখা (LoC)ত ভাৰতীয় সেনাৰে হোৱা এক সংঘৰ্ষত নিহত হয় তিনিটাকৈ সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদী কেইজনে সীমা ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ লওতেই এই সংঘৰ্ষৰ সূত্ৰপাত হয়। ৰাজাউৰি জিলাৰ নৌচেৰা চেক্টৰত সোমবাৰে সংঘটিত হোৱা সংঘৰ্ষটোত নিহত সন্ত্ৰাসবাদী কেইজন কোন সংগঠনৰ সেইটো চিনাক্ত কৰিব পৰা হোৱা নাই । ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰে ভাৰতীয় সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।
বিষয়া গৰাকীয়ে কয় যে, LoCত সোমাবাৰে ভাৰতীয় সেনাই অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জ্বিত এটা গোটে গোপনে গোপনে ভাৰতীয় সীমান্তত প্ৰৱেশৰ চেষ্টা কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰে। তেনেতে ভাৰতীয় সেনাৰ ফালৰ পৰা এই চেষ্টাক বাধা দিয়া হয় আৰু তেতিয়াই এই সংঘৰ্ষৰ সৃষ্টি হয়। সূত্ৰত প্ৰকাশিত তথ্য় মতে,সন্ত্ৰাসবাদীসকল পাকিস্তানত প্ৰশিক্ষণ প্ৰাপ্ত আৰু বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আছিল ।