অসম

assam

By

Published : Jul 29, 2020, 3:15 PM IST

ETV Bharat / bharat

ইদুল আজহাত পশুধন কুৰবানী নিষিদ্ধ সন্দৰ্ভত নিন্দা জমিয়তৰ সভাপতি মনছুৰপুৰীৰ

দেশৰ ভিন্ন প্ৰান্তন ইছলাম ধৰ্মালম্বীসকলৰ ইদুল আজহা উপলক্ষে পশুধন কুৰবানী নিষিদ্ধ কৰাৰ পাচতে প্ৰশাসনৰ নিৰ্দেশৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা ক্বাৰী মহম্মদ উছমান মনছুৰপুৰীৰ । প্ৰশাসনৰ এই নিৰ্দেশে ধৰ্মীয় অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা বুলি মত প্ৰকাশ কৰে সভাপতি মনছুৰপুৰীয়ে ।

ইদুল আযহা
ইদুল আযহা

নিউজ ডেস্ক, ২৯ জুলাইঃদেশৰ ভিন্ন স্থানত তথা বিশেষভাৱে উত্তৰ প্ৰদেশত ইদুল আজহা উপলক্ষে পশুধন কুৰবানী নিষিদ্ধ কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়াৰ পাচতে ক্ষোভ প্ৰকাশ কৰে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা ক্বাৰী মহম্মদ উছমান মনছুৰপুৰীয়ে ।

ইদুল আযহাত পশুধন কুৰবানী নিষিদ্ধ সন্দৰ্ভত নিন্দা জমিয়তৰ সভাপতি মনছুৰপুৰীৰ

মৌলানা ক্বাৰী মহম্মদ উছমানে উত্তৰ প্ৰদেশ প্ৰশাসনৰ এই নিৰ্দেশে মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে । লগতে পশুধন কুৰবানী ইছলাম ধৰ্মৰ অনিবাৰ্য অনুষ্ঠান বুলিও মত প্ৰকাশ কৰে । কিন্তু উত্তৰ প্ৰদেশৰ কেইবাটাও ঠাইত আৰক্ষীৰ ক্ষমতা প্ৰদৰ্শন কৰি পশুধনৰ কুৰবানী প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিদিয়া বুলি অভিযোগ উত্থাপন হৈছে । ইয়াৰোপৰি গাজীপুৰ,গাজিয়াবাদ আৰু বহৰাইচ আদি জিলাত প্ৰশাসনে পশুধন কুৰবানী নিষিদ্ধ কৰে বুলি মত প্ৰকাশ কৰে । লগতে কোনখন আইনৰ অধীনত পশুধনৰ কুৰবানী নিষিদ্ধ কৰিছে তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে মৌলানা মনছুৰপুৰীয়ে । প্ৰশাসনৰ এই অত্যাচাৰী কৰ্মচকাণ্ডৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলে ক্ষোভ তথা অশান্তিত আছে বুলিও মত প্ৰকাশ কৰে । লগতে আৰক্ষীৰ বৰ্বৰতা নিন্দা কৰি এই নিৰ্দেশসমূহ অনতিপলমে উঠাই ল'বলৈ দাবী জনাইছে যাতে মুছলমান সম্প্ৰদায়ে এই অনুষ্ঠানটি শান্তিভাৱে পালন কৰিব পাৰে ।

কুৰবানী সন্দৰ্ভত কোনো ধৰণৰ বাধা বা আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হ'লে জেইউএছৰ কেডাৰ তথা বিষববীয়াসকলক জমিয়ত কাৰ্যালয়ত লিখিত আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । জেইউএছে এই বিষয় সন্দৰ্ভত চৰকাৰী বিষয়ববীয়াৰ সৈতে মিলিত হৈ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে মৌলানা ক্বাৰী মহম্মদ উছমান মনছুৰপুৰীয়ে ।

ABOUT THE AUTHOR

...view details