নিউজ ডেস্ক, 7 এপ্ৰিলঃ"গণ মাধ্যমৰ এটা অংশই বিগত মাহ ধৰি দিল্লীৰ তবলীগি জমাতৰ সমাবেশক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ঘৃণাৰ বীজ সিঁচিছে" এই অভিযোগ উত্থাপন কৰিজমিয়ত-উলেমা-এ-হিন্দে গণমাধ্যমক নাকী লগাবলৈ বৰ্তমান কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ৷ তবলীগি জমাতক লৈ অপপ্ৰচাৰ চলোৱা বন্ধ কৰাৰ লগতে এই ক্ষেত্ৰত জৰিতসকলৰ ওপৰত কঠোৰ পদক্ষেপ ল'বলৈ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰই নিৰ্দেশ প্ৰদান কৰিবলৈ আহ্বান জনাই জমিয়ত-উলেমা-এ-হিন্দে ৷
দিল্লীৰ নিজামুদ্দিনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে সম্পূৰ্ণ মুছলীম সম্প্ৰদায়টোক অপবাদ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি জমিয়ত-উলেমা-এ-হিন্দ আৰু ধৰ্মীয় সংস্থাটোৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ক আবেদন দাখিল কৰি এই সন্দৰ্ভত বিচাৰ কৰিবলৈ আহ্বান জনাইছে ৷ সংস্থাটোৱে এই ক্ষেত্ৰত বিগত দিনত গুজৰাটৰ বাতৰি কাকত এখনত প্ৰচাৰ হোৱা এটা সাম্প্ৰদায়িক ঘটনাৰ উদাহৰণ দিয়ে ৷ কাকতখনত প্ৰকাশ পাইছিল যে, গুজৰাটৰ মুছলমান হ'কাৰ আৰু মুছলমান ফেৰিৱালাক বহিষ্কাৰ কৰিব লাগে, বস্তু বিক্ৰিৰ চলেৰে মুছলমান খিনিয়ে COVID 19 বিয়পোৱাৰ মিছনত আছে ৷ এই ঘটনাৰ উমান পায় আহমেদাবাদ আৰক্ষীয়ে ৰাজ্যখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বলৈ সকলো আৰক্ষী থানাক নিৰ্দেশ দিয়ে ৷