অসম

assam

By

Published : Jan 3, 2020, 1:17 PM IST

ETV Bharat / bharat

CAA আৰু NRC ৰ বিৰুদ্ধে জামিয়া মিলিয়াত অভিনৱ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ অভিনৱ প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ বাহিৰৰ ৰাজপথত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন প্ৰতীকি চিত্ৰ অংকন কৰি এই বিতৰ্কিত বিধেয়ক খনৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) ৰ বিৰোধীতা কৰে ৷

Jamia students, artists paint roads outside university in protest against CAA, NRC
CAA আৰু NRC ৰ বিৰুদ্ধে জামিয়া মিলিয়াত অভিনৱ প্ৰতিবাদ

নেশ্বনেল ডেস্ক,3 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে দেশৰ আগশাৰীৰ উচ্চশিক্ষানুষ্ঠান জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ ৷ বহু চিত্ৰ শিল্পীক লগত লৈ বিশ্ববিদ্যালয়ৰ বাহিৰৰ ৰাজপথত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন প্ৰতীকি চিত্ৰ অংকন কৰি এই বিতৰ্কিত বিধেয়ক খনৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) ৰ বিৰোধিতা কৰে ৷ চিত্ৰৰ লগতে ছাত্ৰ ছাত্ৰী সকলে ৰাজপথত লিখি উলিয়াই "আপোনালোকে আমাৰ স্বাধীনতা ,বাক স্বাধীনতা, আৰু সত্যৰ ওপৰত কেতিয়াও 144 ধাৰা আৰোপ কৰিব নোৱাৰে" ৷ "NO NRC NO CAA " আদি বিভিন্ন শ্লোগান ৷

CAA আৰু NRC ৰ বিৰুদ্ধে জামিয়া মিলিয়াত অভিনৱ প্ৰতিবাদ

উল্লেখ্য যে লোক সভাৰ পাছত 2019 বৰ্ষৰ 12 ডিচেম্বৰ তাৰিখে বিধেয়ক খন ৰাজ্য সভাতো গৃহীত হোৱাৰ পাছৰে পৰা দেশজুৰি এই আইন খনৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছিল ব্যাপক প্ৰতিবাদ ৷

ABOUT THE AUTHOR

...view details