নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : বৃহস্পতিবাৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে এজন বন্ধুকধাৰীয়ে গুলীচালনা কৰাত এজন ছাত্ৰ আহত হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, ঘটনা সংঘটিত কৰিয়ে বন্ধুকধাৰীজনে 'এইয়া ল' স্বাধীনতা' বুলি চিঞৰে ৷ ঘটনা সংঘটিত কৰাৰ পাচতে বন্ধুকধাৰী জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ সমগ্ৰ ঘটনাই অঞ্চলটোত ব্যাপক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ জেকেট আৰু পেন্ট পৰিহিত লোকজনে আৰক্ষী বেৰিকেডৰ মাজেৰে হিন্দী ভাষাত প্ৰতিবাদকাৰীক হুংকাৰ দিয়া পৰিলক্ষিত হয় আৰু সমগ্ৰ ঘটনা টেলিভিছনৰ কেমেৰাত বন্দী হৈ ৰয় ৷
কিছু টেলিভিছনে চেনেলে বন্ধুকধাৰীজন গোপাল বুলি দাবী কৰিছে যদিও বৰ্তমানলৈকে এই ক্ষেত্ৰত আৰক্ষীয়ে নিশ্চিতি প্ৰদান কৰা নাই ৷