অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ ধানিপুৰত মছজিদ নিৰ্মাণৰ বাবে স্থাপত্য পৰামৰ্শদাতা নিয়োগ অধ্যাপকক - Jamia Millia professor to design mosque in Ayodhya's Dhannipur

আখতাৰে বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ কেন্দ্ৰ, হাস্পতাল, আৰু বহুতো স্থাপত্যৰ নক্সা প্ৰস্তুত কৰিছে । তেখেতে স্থানীয় অঞ্চল তথা নগৰ পৰিকল্পনাৰ বাবে দিল্লী চৰকাৰৰেও কাম কৰিছে । ইউ এন ডিপিৰ দ্বাৰা ৰূপায়িত হোৱা চহৰ অঞ্চলৰ স্থানীয় লোকৰ সক্ষমতা বিকাশ সম্পৰ্কীয় কাৰ্যসূচীতো তেখেত পৰামৰ্শদাতা হিচাপে জড়িত আছিল ।

Jamia Millia professor to design mosque in Ayodhya's Dhannipur
Jamia Millia professor to design mosque in Ayodhya's Dhannipur

By

Published : Sep 2, 2020, 5:12 PM IST

নতুন দিল্লী, ২ চেপ্তেম্বৰঃ ইন্দো ইছলামিক কালছাৰেল ফাউণ্ডেশ্যন(আই আই ছি এফ) ট্ৰাষ্টৰ উদ্যোগত অযোধ্যাৰ ধানিপুৰ গাঁৱত মছজিদ নিৰ্মাণৰ বাবে স্থাপত্য পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হৈছে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ স্থাপত্য অনুষদ বিভাগৰ প্ৰধান অধ্যাপক এছ এম আক্তাৰক ।

এই সম্পৰ্কত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ স্থাপত্য অনুষদ বিভাগৰ প্ৰধান অধ্যাপক গৰাকীয়ে কয় যে, এক হাজাৰতকৈও অধিক ছাত্ৰ মোৰ শিক্ষার্থী হিচাপে বিশ্বজুৰি কাম কৰি আছে, তেওঁলোকেও মোক এইক্ষেত্ৰত সহায় কৰিব পাৰিব । প্ৰকল্পটোত কাম কৰাৰ ক্ষেত্ৰত সকলোৰে বাবে পথ খোলা থাকিব । মোৰ বৰ্তমানৰ শিক্ষার্থীসকলেও এই প্ৰকল্পৰ জৰিয়তে ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব পাৰিব ।

আখতাৰে বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ কেন্দ্ৰ, হাস্পতাল, আৰু বহুতো স্থাপত্যৰ নক্সা প্ৰস্তুত কৰিছে । তেখেতে স্থানীয় অঞ্চল তথা নগৰ পৰিকল্পনাৰ বাবে দিল্লী চৰকাৰৰেও কাম কৰিছে । ইউ এন ডিপিৰ দ্বাৰা ৰূপায়িত হোৱা চহৰ অঞ্চলৰ স্থানীয় লোকৰ সক্ষমতা বিকাশ সম্পৰ্কীয় কাৰ্যসূচীতো তেখেত পৰামৰ্শদাতা হিচাপে জড়িত আছিল ।

আখতাৰে কয় যে, কোভিড-১৯ মহামাৰীৰ কাৰণে তেখেতে এই মূহুৰ্তত অযোধ্যালৈ যাব নোৱাৰিব যদিও তেখেত ইতিপূৰ্বেই সেই স্থান পৰিদৰ্শন কৰিছিল আৰু ঠাইডোখৰৰ বিষয়ে তেখেত জ্ঞাত ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উত্তৰ প্ৰদেশ চৰকাৰে ন্যায়ালয়ে অযোধ্যাত প্ৰদান কৰা ভূমিত মছজিদ আৰু অন্যান্য ভৱন নিৰ্মাণৰ বাবে উত্তৰ প্ৰদেশৰ ছুন্নী কেন্দ্ৰীয় ৱাকফ বৰ্ডে এখন ১৫ জনীয়া সদস্যৰে এখন ট্ৰাষ্টৰ সদস্য তালিকা প্ৰস্তুত কৰিছিল । অযোধ্যা-বাবৰি মছজিদ বিতৰ্কিত ভূমি বিবাদ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ৯ নৱেম্বৰত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অযোধ্যাত ভূমি হস্তান্তৰ কৰাৰ লগতে এখন ট্ৰাষ্ট গঠন কৰাৰ নিৰ্দেশ দিছিল ।

উচ্চতম ন্যায়ালয়ে চৰকাৰক ছুন্নী কেন্দ্ৰীয় ৱাকফ বৰ্ডক মছজিদ নিৰ্মাণৰ বাবে অযোধ্যাত বিকল্প হিচাপে ৫ একৰ ভূমি প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিছিল । আৰু ফেব্ৰুৱাৰীতে ছুন্নী কেন্দ্ৰীয় ৱাকফ বৰ্ডে এই ভূমি উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা চমজি লয় । ইয়াৰোপৰি ট্ৰাষ্টে উক্ত ভূমিত এখন হাস্পতাল, এটা গ্ৰন্থাগাৰ, আৰু ইন্দো-ইছলামী সভ্যতাৰ ঐতিহ্য প্ৰদৰ্শন কৰিবৰ বাবে এটা বিশেষ কেন্দ্ৰও নিৰ্মাণ কৰা হব বুলি জনায় সংবাদ মাধ্যমক ।

দীৰ্ঘদিনীয়া আইনী যুজৰ অন্তত উচ্চতম ন্যায়ালয়ে যোৱা ৯ নৱেম্বৰত অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায়দান কৰিছিল । আৰু ছুন্নী ৱাকফ বৰ্ডক ৫ একৰ ভূমি বিকল্প স্থানত প্ৰদান কৰিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ দিছিল । যাতে উত্তৰ প্ৰদেশৰ পৱিত্ৰ স্থানত মছজিদ নিৰ্মাণ কৰিব পাৰে ।

১৯৯২ চনৰ ৬ ডিচেম্বৰত কৰ সেৱকসকলে অযোধ্যাৰ মছজিদ ভাঙি পেলাইছিল আৰু তাৰ পিচতে দাবী জনাইছিল যে, মছজিদ থকা স্থানত প্ৰাচীন ৰাম মন্দিৰ আছিল । দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত অৱশেষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজন কৰে ৫ আগষ্টৰ দিনা ।

ABOUT THE AUTHOR

...view details