অসম

assam

অশান্ত জামিয়া মিলিয়াঃ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত ছাত্ৰৰ অৰ্ধ উলংগ প্ৰতিবাদ

By

Published : Dec 16, 2019, 2:58 PM IST

দেওবাৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ পাছত সোমবাৰে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে আৰম্ভ কৰিছে উলংগ প্ৰতিবাদ ৷

Jamia millia Islamia university student protest
জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত ছাত্ৰৰ অৰ্ধ উলংগ প্ৰতিবাদ

দিল্লী , 16 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে জামিয়া-মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে ৷ দেওবাৰে ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ ৷ প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে এখন যাত্ৰীবাহী বাছত অগ্নিসংযোগ কৰাৰ অভিযোগো উত্থাপন হৈছে ৷

দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয় খনৰ চৌহদত প্ৰৱেশ কৰি প্ৰহাৰ কৰিছিল ছাত্ৰ ছাত্ৰীক ৷ ইফালে ছাত্ৰ ছাত্ৰীয়ে সকলেও আৰক্ষীলৈ শিলাবৰ্ষণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগা হয় ৷ এনে পৰিস্থিতিত গুৰুতৰভাৱে আহত হয় বিশ্ববিদ্যালয় খনৰ কেইবা গৰাকীও ছাত্ৰ-ছাত্ৰী ৷ ইয়াৰ পাছতে সোমবাৰে বিশ্ববিদ্যালয় খনৰ 7 নম্বৰ প্ৰৱেশ দ্বাৰত অৰ্ধ উলংগ হৈ আৰম্ভ কৰিছে প্ৰতিবাদ ৷

জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত ছাত্ৰৰ অৰ্ধ উলংগ প্ৰতিবাদ

লগতে পঢ়ক, দিল্লীত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ

TAGGED:

ABOUT THE AUTHOR

...view details