অসম

assam

ETV Bharat / bharat

সোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ

ডিচেম্বৰ মাহৰ 15 তাৰিখে "কা" বিৰোধী প্ৰতিবাদে হিংসাৰ ৰূপ লোৱাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ পাঠদান বন্ধ কৰি দিয়া হৈছিল ৷ সমান্তৰালকৈ পৰীক্ষাসমূহ পিছুৱাই দিয়াৰ উপৰিও 5 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছিল ৷ উক্ত বিবৃতিখনত ব্যক্ত কৰা হয় যে, ‘চেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসমূহক বিশ্ববিদ্যালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা পুণঃনিৰ্ধাৰিত সূচী অনুসৰি উপস্থিত হ’বলৈ আহ্বান জনোৱা হ’ল’ ৷

By

Published : Jan 6, 2020, 12:21 PM IST

Jamia Milia Islamia to open today after extended vacation
সোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ

নেশ্যনেল ডেক্স, 6 জানুৱাৰীঃসোমবাৰৰ পৰা পুনৰ আৰম্ভ হয় জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পাঠদান ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংঘটিত বিক্ষোভ কাৰ্যসূচীয়ে হিংসাৰ ৰূপ লোৱাৰ পিছতেই বিশ্ববিদ্যালয়খনত ঘোষণা কৰা হৈছিল শীতকালীন বন্ধ ৷ ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেসমূহৰ পৰা ঘৰলৈ প্ৰেৰণ কৰাৰ পিছতো বিশ্ববিদ্যায়খনৰ মুখ্যদ্বাৰৰ বাহিৰত কেইবাদিনলৈ অব্যাহত আছিল প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়খনৰ এক আনুষ্ঠানিক বিবৃতিত প্ৰাকশ কৰা হয় যে, স্নাতকোত্তৰ শাখাৰ বিষয়সমূহৰ পৰীক্ষাসমূহ চলিত মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ হ’ব ৷ ইয়াৰ বিপৰীতে স্নাতক শাখাৰ পৰীক্ষাসমূহ আৰম্ভ হ’ব 16 জানুৱাৰীৰ পৰা ৷

15 ডিচেম্বৰত "কা" বিৰোধী প্ৰতিবাদে হিংসাৰ ৰূপ লোৱাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ পাঠদান বন্ধ কৰি দিয়া হৈছিল ৷ সমান্তৰালকৈ পৰীক্ষাসমূহ পিছুৱাই দিয়াৰ উপৰিও 5 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছিল ৷ উক্ত বিবৃতিখনত ব্যক্ত কৰা হয় যে, ‘চেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসমূহক বিশ্ববিদ্যালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা পুণঃনিৰ্ধাৰিত সূচী অনুসৰি উপস্থিত হ’বলৈ আহ্বান জনোৱা হ’ল ৷’ আনহাতে, ছাত্ৰ-ছাত্ৰীসকলক যিকোনো সাম্ভাব্য বিশৃংখলতা আৰু উৰা বাতৰিৰ পৰা বিৰত থাকিবলৈ ৱেবচাইটটো প্ৰত্যক্ষ কৰি থাকিবলৈ আহ্বান জনায় ৷ ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে এক্সটেনচন 1408,011-26981717 আৰু 7647989611 নম্বৰত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ পৰীক্ষাৰ সৈতে জড়িত যিকোনো প্ৰশ্নৰ বাবে যোগযোগ কৰিব পাৰে ৷

আনাহতে, আলিগড় মুছলিম বিশ্ববিদ্যালয়ে পুনৰবাৰ ইয়াৰ শীতৰ বন্ধ বৃদ্ধি কৰিছে ৷ বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্ববিদ্যালয় কতৃপক্ষই ৷

আৰু পঢ়ক-মাজুলীৰ পৰা নিমাতী অভিমুখী জাহাজত অঘটনঃ যাত্ৰীৰ মাজত হাঁহাকাৰ

ABOUT THE AUTHOR

...view details