অসম

assam

ETV Bharat / bharat

PMKSY অধীনত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ ধনৰাশি প্ৰদান - মিজোৰাম আৰু মহাৰাষ্ট্ৰ

শনিবাৰে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শ্বেখাৱাটে "Pradhan Mantri Krishi Sinchai Yojana" যোজনাৰ অধিনত মিজোৰাম আৰু মহাৰাষ্ট্ৰৰ জল পুনৰস্থাপন কৰা বাবে ধনৰাশি প্ৰদান কৰে ।

Pradhan Mantri Krishi Sinchai Yojana
Pradhan Mantri Krishi Sinchai Yojana

By

Published : Jul 11, 2020, 5:23 PM IST

নিউজ ডেস্ক, ১১ জুলাইঃকেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শ্বেখাৱাটে শনিবাৰে "Pradhan Mantri Krishi Sinchai Yojana" (PMKSY) যোজনাৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে ধনৰাশি আগবঢ়োৱাৰ বাবে অনুমোদন জনাই ।

PMKSY অধিনত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ ধনৰাশি প্ৰদান

জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শ্বেখাৱটে ত্ৰিপুৰা,মিজোৰাম আৰু মহাৰাষ্ট্ৰৰ জল পুনৰস্থাপন কৰা বাবে ধনৰাশি প্ৰদান কৰে । তথ্য অনুসৰি মন্ত্ৰী গৰাকীয়ে এই ৰাজ্যকেইখনলৈ ৪২.৯০৫ কোটি টকা প্ৰদান কৰে । আনহাতে, ইটিভি ভাৰতত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি মন্ত্ৰী শ্বেখাৱটে ত্ৰিপুৰাৰ সাতখন জিলালৈ পাইপ প্ৰয়োগ কৰিবৰ বাবে প্ৰথম কিস্তিৰ অনুমোদন জনাই।

"Pradhan Mantri Krishi Sinchai Yojana" (PMKSY)যোজনাৰ অধিনত"Har Khet Ko Pani" (HKKP) -Groundwater Irrigation (GWI) আঁচনি জৰিয়তে ত্ৰিপুৰা আৰু মিজোৰামৰ বাবে ৮ কোটি টকা আগবঢ়াই । যাৰ দ্বাৰা চৰকাৰে মিজোৰামৰ ৭ খন জিলাত ২০৯ টিউবেল স্থাপন কৰিব । আৰু ইয়াৰ দ্বাৰা প্ৰায় ১৪৪৫ গাৰকী কৃষক লাভান্বিত হ'ব বুলি সদৰি কৰে জল শক্তি মন্ত্ৰণালয়ে । তাৰোপৰি প্ৰথম কিস্তি সম্পূৰ্ণ হোৱা পাচত কেন্দ্ৰীয় চৰকাৰে এই আঁচনি লাভ কৰা কৃষকসকলক তদন্ত কৰিব আৰু তাৰ পাচতে দ্বিতীয় কিস্তি প্ৰদান কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰে ।

লগতে চাওকঃ মানৱ অধিকাৰ ভংগঃ চীনৰ বাবে আন এক বিপদ, আন্তৰ্জাতিক আদালতে চলাব বিচাৰ

ABOUT THE AUTHOR

...view details