নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ :বুধবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে বাহৰেইনৰ মানামাস্থিত 200 বছৰ পুৰণি শ্ৰীনাথজী হিন্দু মন্দিৰ দৰ্শন কৰে ৷ জয়শংকৰে টুইটাৰৰ জৰিয়তে কয়, "মানামাৰ 200 বছৰীয়া শ্ৰীনাথজী মন্দিৰ দৰ্শনেৰে দিনটোৰ আৰম্ভণি কৰিলো ৷ এয়া বাহৰেইনৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্কৰ এক নিদৰ্শন ৷"
উল্লেখ্য যে, দেওবাৰে এছ. জয়শংকৰে দুদিনীয়া ভ্ৰমণৰে উপস্থিত হৈছে বাহৰেইনত ৷ মঙলবাৰে তেওঁ বাহৰেইনৰ বৈদেশিক মন্ত্ৰী ড0 আব্দুল্লাতিফ বিন ৰছিদ অল জয়ানীৰ সৈতে মিলিত হয় ৷ দুয়ো দেশৰ দ্বিপাক্ষিক আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্পৰ্কত আলোচনা কৰে ভাৰত আৰু বাহৰেইনৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে ৷
বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, বৈদেশিক মন্ত্ৰী হিচাপে এয়া জয়শংকৰৰ প্ৰথমটো বাহৰেইন ভ্ৰমণ ৷
টুইটাৰৰ জৰিয়তে জয়শংকৰে কয়, "বৈদেশিক মন্ত্ৰী ড0 আব্দুল্লাতিফ বিন ৰছিদ অল জয়ানীৰে মিলিত হৈ বাহৰেইন ভ্ৰমণৰ আৰম্ভণি কৰিলো ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰিন্স খলিফা বিন ছলমান অল খলিফাৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিলো ৷"
জয়শংকৰে লগতে কয় যে, দুয়োগৰাকী মন্ত্ৰীয়ে আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত নিজৰ মতামত দাঙি ধৰিলে ৷ লগতে কৰ'ণা মহামাৰীৰ সময়ছোৱাত ভাৰতীয়সকলৰ বিশেষ যত্ন লোৱাৰ বাবে বাহৰেইন প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে জয়শংকৰে ৷